তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী কাৰাটে প্ৰতিযোগিতাৰ প্ৰস্তুতি

  • ২৮ আৰু ২৯ মাৰ্চত অনুষ্ঠিত হ’ব তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী কাৰাটে প্ৰতিযোগিতা।
  • ইউনাইটেড-ড’ সন্থা অসম চমুকৈ উকাৰ উদ্যোগত অনষ্ঠিত হ’ব তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী যুৱ কাপ কাৰাটে আৰু ১১ সংখ্যক ৰাজ্যিক ২১ বছৰ অনূৰ্ধ্ব কাৰাটে প্ৰতিযোগিতা।
  • প্ৰতিযোগিতাখন শিশু (৭-১৩ বছৰ), যুৱ (১৪ ৰ পৰা ১৫ বছৰ আৰু ১৬ ৰ পৰা ১৭ বছৰ) আৰু ২১ বছৰ অনূৰ্ধ্ব (১৮-২০ বছৰ) ৰ ল’ৰা- ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব।
  • প্ৰতিযোগিতাখনৰ বাবে উকাৰ স্বীকৃতিপ্ৰাপ্ত সকলো জিলা সমিতিক ১৫ মাৰ্চৰ ভিতৰত খেলুৱৈৰ তালিকা দাখিল কৰিবলৈ উকাৰ সাধাৰণ সম্পাদক উদয় শ্বাহে আহ্বান জনাইছে।
  • উল্লেখ্য যে ২১ বছৰ অনূৰ্ধ্ব ৰাজ্যিক কাৰাটেৰ পৰাই ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় ২১ বছৰ অনূৰ্ধ্ব কাৰাটে প্ৰতিযোগিতাৰ বাবে অসম দল বাছনি কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *