দুঃসাহসিক অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি ললে ১০ গৰাকী দুঃসাহসিক ক্ৰীড়াবিদে।অত্যাধিক তুষাৰ পাত আৰু হিমস্খলনৰ ফলত মৃত্যু হয় এই ১০ গৰাকী পৰ্বতাৰোহী। ঘটনাটো সংঘটিত হৈছে তেহৰানৰ উত্তৰ প্ৰান্তত। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি আলবৰ্জ পৰ্বতত অভিযান চলাবলৈ যোৱা ৩১জন পৰ্বতাৰোহীৰ ১০ জনৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে ১৮ গৰাকী আৰোহীক উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও ৭ গৰাকী এতিয়াও সন্ধানহীন হৈ আছে।
উল্লেখ্য যে তেহৰানৰ কাষতে থকাৰ বাবে আলবৰ্জ পৰ্বত আৰোহীসকলৰ অতি আকৰ্ষণীয় স্থান।কিন্তু বিগত কিছুদিন ধৰি আলবৰ্জ পৰ্বতত তুষাৰ ধুমুহাই তাণ্ডৱ চলাই আছে।