Tuesday, October 4, 2022
HomeNewsতৃতীয় উত্তৰ পূৱ বক্সিঙত অসম দল চেম্পিয়ন

তৃতীয় উত্তৰ পূৱ বক্সিঙত অসম দল চেম্পিয়ন

তৃতীয় উত্তৰ পূৱ বক্সিঙত অসম দল চেম্পিয়ন : ১২ টা স্বৰ্ণসহ ১৭ টা পদক দখল

অলিম্পিয়া প্ৰতিবেদন:

চিকিমৰ নামচি বজাৰ চেণ্ট্ৰেল পাৰ্কত যোৱা ১০ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হয় তৃতীয় বি এফ আই পূব মণ্ডল এলিট বক্সিং চেম্পিয়নশ্বিপ ৷ পুৰুষ-মহিলা উভয়ৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে ৷ অসমৰ বক্সাৰে ১২ টা সোণ , ২ টা ৰূপ , ৩ টা ব্ৰঞ্জেৰে মুঠ ১৭ টা পদক লাভ কৰে ৷ তদুপৰি অসমৰ ভূপালী হাজৰিকাই মহিলাৰ শ্ৰেষ্ঠ বক্সাৰৰ সম্মান অৰ্জন কৰে ৷

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি অসমৰ গৌৰৱ মজুমদাৰ [৪৮কেজি] , মনোজ ঠাকুৰ [৫৪কেজি], প্ৰান্ত জ্যোতি ঘাটোৱাৰ [৬০কেজি], সোমৰাজ শইকীয়া [৭১কেজি] , তন্ময় দুৱৰাই [৭৫কেজি] সোণ , দিব্যজ্যোতি দাস [৬০কেজি] , ইৰফান খান [৫১কেজি], প্ৰিয়াংশু হাজাৰিকাক [৬৩.৫ কেজি] আৰু ঋতুৰাজ গগৈয়ে [৬৭কেজি] ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ ইফালে মহিলা শাখাত সৰস্বতী বড়ো [৪৮কেজি] , ভূপালী হাজাৰিকা [৫০কেজি] , জয় কুমাৰী লামা [৫২কেজি], আৰতি দলে [৫৪কেজি], বাৰ্বি গগৈ [৫৭কেজি], লক্ষীমণি গগৈ [৬০কেজি], অঞ্জলি মুছাহাৰীয়ে [৬৬কেজি] সোণ আৰু পিংকি গগৈয়ে [৭০কেজি] ৰূপৰ পদক অৰ্জন কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments