Friday, September 30, 2022
HomeNewsতৃতীয় টেষ্টত নিষিদ্ধ হ'ব পাৰে বিৰাট!

তৃতীয় টেষ্টত নিষিদ্ধ হ’ব পাৰে বিৰাট!

এখন টেষ্টত নিষিদ্ধ হ’ব পাৰে ভাৰতীয় অধিনায়ক বিৰাট কোহলি!

ভাৰত ইংলেণ্ডৰ মাজত চেপাক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয় খন টেষ্টৰ তৃতীয়।দিনটোত বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে অধিনায়ক বিৰাট কোহলি।

মেচখনৰ অন্তিম অভাৰত কোহলিয়ে আম্পায়াৰ নীতিন মেননৰ লগত সংঘাতত লিপ্ত হয়। এই সংঘাতৰ মূল কাৰণ আছিল আম্পায়াৰ নীতিন মেননৰ এক সিদ্ধান্ত। অক্ষৰ পেটেলে মেচখনৰ অন্তিম অভাৰত বল কৰাৰ মাজতে ভাৰতে লেগ-বিফ’ৰ উইকেটৰ বাবে আপীল কৰে আৰু আম্পায়াৰ নীতিন মেননৰ সিদ্ধান্ত ভাৰতৰ বিপক্ষে যায়। ইয়াৰ পিছতেই অধিনায়ক কোহলিয়ে নিজৰ বিপক্ষে নিজৰ আত্ম সংযম হেৰুৱাই আম্পায়াৰ গৰাকীৰ লগত তৰ্কত লিপ্ত হয়।

মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বিৰাটে আম্পায়াৰৰ লগতে অসৌজন্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এইদৰে চলিত টেষ্টত বিৰাটে সঘনাই আম্পায়াৰৰ লগত সংঘাতত লিপ্ত হোৱাৰ বাবেই এতিয়া আগন্তুক মেচত বিৰাটৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ক্ৰিকেট।বিশেষজ্ঞসকলে। আনহাতে ক্ৰিকেট মহলত বিষয়টোৱে গুৰুত্ব লাভ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments