Wednesday, July 6, 2022
HomeMiscellaneousতৃষা গগৈ টেবুল টেনিছৰ নতুন সম্ভাৱনা

তৃষা গগৈ টেবুল টেনিছৰ নতুন সম্ভাৱনা

✍️ মুকুট শৰ্মা

চমকপ্ৰদ  প্ৰদৰ্শনেৰে জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছত শেহতীয়াকৈ উজলি  উঠিছে এগৰাকী অসম কন্যা। প্ৰচুৰ প্ৰতিভাৰ বলত অতি কম সময়ৰ ভিতৰতে দেশৰ ক্ৰীড়া জগতৰ সম্ভাৱনাময় তাৰকা হিচাপে পৰিচয় লাভ কৰা পেডলাৰগৰাকী হ’ল তৃষা গগৈ। গুৱাহাটীৰ শিলপুখুৰীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ শেহতীয়া সাফল্যই ৰাজ্যবাসীৰ চকুত নতুন সপোন জগাই তুলিছে। বিশেষকৈ বেংককত যোৱা ৯-১৩ মে’ত অনুষ্ঠিত থাইলেণ্ড জুনিয়ৰ আৰু কেডেট অ’পেন টেবুল টেনিছত ব্ৰঞ্জ আৰু মালদ্বীপত ২০-২২ এপ্ৰিলত অনুষ্ঠিত ছাউথ এছিয়ান জুনিয়ৰ আৰু কেডেট টেবুল টেনিছ প্ৰতিযোগিতাত দ্বিমুকুট (স্বৰ্ণ) অৰ্জন কৰি তৃষাই এই কথা প্ৰমাণ কৰিছে যে দেশৰ টেবুল টেনিছ ক্ষেত্ৰৰ নতুন সম্ৰাজ্ঞী হ’বলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে ২০১৫ত ৰাজ্যিক পৰ্যায়ৰ টেবুল টেনিছত প্ৰথমবাৰলৈ অংশ লোৱা পোন্ধৰ বছৰীয়া প্ৰতিভাৱান পেডলাৰগৰাকীয়ে এতিয়ালৈ পাঁচখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। থাইলেণ্ড জুনিয়ৰ কেডেট অ’পেন টেবুল টেনিছ আৰু ছাউথ এছিয়ান জুনিয়ৰ কেডেট টেবুল টেনিছৰ পূৰ্বে তেওঁ ইউৰোপৰ মাণ্টাত ১০-১৪ এপ্ৰিলত অনুষ্ঠিত বিশ্ব স্কুল টেবুল টেনিছ চেম্পিয়নশ্বিপ, চেক গণৰাজ্যত ১৪-১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত আই টি টি এফ বিশ্ব জুনিয়ৰ কেডেট অ’পেন প্ৰিমিয়াম টেবুল টেনিছ আৰু ২০১৭ৰ ২৮ অক্টোবৰ-এক নৱেম্বৰত গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ কেডেট অ’পেন প্ৰিমিয়াম টেবুল টেনিছৰ দৰে আগশাৰীৰ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে এই আটাইকেইখন প্ৰতিযোগিতাত অসম কন্যা তৃষাই পদক জয়েৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে ৰাজ্যৰ ক্ৰীড়াজগতক উজলাই তুলিছে। বিশ্ব ¦³¨ল টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সোতৰ বছৰ অনূধৰ্ব ছোৱালী শাখাত তেওঁ ব্ৰঞ্জ, চেক গণৰাজ্যত অনুষ্ঠিত আই টি টি এফ বিশ্ব জুনিয়ৰ কেডেট অ’পেন প্ৰিমিয়াম টেবুল টেনিছৰ কেডেট ছোৱালী শাখাত ৰূপ আৰু গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্ব জুনিয়ৰ কেডেট অ’পেন প্ৰিমিয়াম টেবুল টেনিছৰ কেডেট ছোৱালী শাখাত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে যোৱা ২০১৬ আৰু ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক উন্নত প্ৰদৰ্শনেৰে উদীয়মান পেডলাৰগৰাকীয়ে ভাৰতীয় দলত স্থান লাভৰ প্ৰবল দাবীদাৰ হৈ উঠিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছত এই পৰ্যন্ত মুঠ সাতটা পদক লাভ কৰা তৃষাৰ এই সফলতাৰ যাত্ৰা আৰম্ভ হৈছিল পশ্চিমবংগৰ শিলিগুৰিত। ২০১৬ৰ ১-৬ ডিচেম্বৰত শিলিগুৰিত অনুষ্ঠিত ৭৮সংখ্যক কেডেট আৰু ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ জয়েৰে কেৰিয়াৰৰ প্ৰথমটো গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছিল। ইয়াৰ পিছত ক্ৰমে নতুন দিল্লীত অনুষ্ঠিত চি বি এছ ই আন্তঃস্কুল স্প’ৰ্টছ এণ্ড গেমছত ৰূপ, ইন্দোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং (মধ্য মণ্ডল) টেবুল টেনিছত ব্ৰঞ্জ, শিলিগুৰিত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং (পূব মণ্ডল) টেবুল টেনিছত স্বৰ্ণ, থানেত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং (পশ্চিম মণ্ডল) টেবুল টেনিছত স্বৰ্ণ, গোৱাত অনুষ্ঠিত ৭৯সংখ্যক কেডেট এণ্ড ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগিতাত ব্ৰঞ্জ আৰু বৰোদাত অনুুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত স্বৰ্ণপদক জয়েৰে অসমৰ তৃষা গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি নাম হৈ পৰে। বিশেষকৈ শিলিগুৰিত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছত দেশৰ শীৰ্ষ স্থানপ্ৰাপ্ত পশ্চিমবংগৰ পেডলাৰ প্ৰাপ্তি সেনক পৰাস্ত কৰি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছাব-জুনিয়ৰ ছোৱালী ৰেংকিঙত দেশৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰি থকা পেডলাৰগৰাকীৰ এই ঈৰ্ষণীয় সাফল্যৰ ভিত্তিত শেহতীয়াকৈ আগবাঢ়ি আহিছে দেশৰ সৰ্ববৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই এই সন্দৰ্ভত কয় যে তৃষাই অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ ক্ৰীড়া কেৰিয়াৰক সঠিক দিশত আগুৱাই নিবলৈ অইল ইণ্ডিয়া লিমিটেড দায়বদ্ধ। ইয়াৰ অংশস্বৰূপে প্ৰতিষ্ঠানটোৱে উদীয়মান খেলুৱৈগৰাকীলৈ এক বিশেষ স্কলাৰশ্বিপৰ সুবিধা আগবঢ়াইছে বুলিও তেওঁ জানিবলৈ দিয়ে। গোলাঘাটৰ এটি সাধাৰণ পৰিয়ালৰ পৰা আহি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত প্ৰতিভাৰ চমক দেখুওৱা তৃষাই অনাগত সময়ছোৱাত দেশ তথা ৰাজ্যলৈ অনেক খ্যাতি কঢ়িয়াই অসমৰ ক্ৰীড়াক্ষেত্ৰক সমৃদ্ধ কৰিব বুলি আমি আশাবাদী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments