অলিম্পিয়াৰ প্ৰতিবেদন
IPL ৰ লীগ ৰাউণ্ডৰ মেচ ইতিমধ্যে শেষ হৈছে। মুম্বাই ইণ্ডিয়ানছে ফাইনেলত নিজৰ স্থান নিগাজী কৰাৰ বিপৰীতে হয়দৰাবদ আৰু দিল্লীয়ে ৮ নৱেম্বৰত ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ যুঁজত নামিব।
এইবাৰৰ আইপিএলত দেখিবলৈ পোৱ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল তৰুণ খেলুৱৈৰ চকুত লগা প্ৰদৰ্শন। চলিত আইপিএলত বহুকেইজন তৰুণ খেলুৱৈয়ে নিজৰ প্ৰতিভাৰ জৰিয়তে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ৮ গৰাকী তৰুণ ক্ৰিকেটাৰ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰে আকৌ তিনিজন তৰুণ ক্ৰিকেটাৰে ভাৰতীয় দলৰ অষ্ট্ৰলিয়াৰ ভ্ৰমণত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
লেগ স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ঘোষিত টি-২০ দলত স্থান লাভ কৰিছে। আনহাতে বেগী বলাৰ কাৰ্তীক ত্যাগী আৰু টি নটৰাজনে অতিৰিক্ত খেলুৱৈ হিচাপে দলত স্থান লাভ কৰিছে।
ইফালে উন্নত প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা দেৱদূত পাড়িকল, ইশান কিষাণ, ৰিতুৰাজ গাইকোৱাৰ্ড, ৰবি বিষ্ণই আৰু ৰাহুল তেৱাতিয়াই দলত স্থান পাবৰ বাবে অপেক্ষা কৰি আছে। ইয়াৰ উপৰিও সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমচন আৰু সন্দিপ শৰ্মায়ো নিজৰ প্ৰদৰ্শনেৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
বৰুণ চক্ৰৱৰ্তীঃ চলিত চিজনত বৰুণে এটা ইনিংছত ৫ টা উইকেট দখল কৰা একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। কৰ্ণাটকৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰে ১৩ খন মেচত ১৭ টা উইকেট দখল কৰিছে। বৰুণে দিল্লীৰ বিৰুদ্ধে এখন মেচত ৫ টা উইকেট দখল কৰি আইপিএলৰ ইতিহাসৰ প্ৰথমগৰাকী এনে কৃতিত্বৰ অধিকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।
টি নটৰাজনঃ নটৰাজনে চলিত আইপিএলত সবটোকৈ বেছি য়ৰ্কাৰ দলিয়াবলৈ সক্ষম হৈছে। এইগৰাকী বলাৰে টুৰ্ণামেণ্টত ১৪ টা উইকেট দখল কৰিছে।তামিলনাডুৰ প্ৰতিভাৱান নটৰাজনে সামগ্ৰীকভাৱে ৩৬খন টি-২০ত বৰ্তমানলৈকে ৩৩ টা উইকেট দখল কৰিছে।
কাৰ্তিক ত্যাগীঃ এইগৰাকী উদীয়মান বলাৰে নিজৰ বলৰ গতি আৰু লেণ্ঠৰ জৰিয়তে সকলোৰে প্ৰশংসা আদায় কৰিছে। ১৯ বৰ্ষিয় এই বলাৰগৰাকীয়ে চিজনটোত ১০ খন মেচত খেলি ৯ টা উইকেট দখল কৰিছে।
ৰবি বিষ্ণইঃ এইগৰাকী আইপিএলৰ পূৰ্বে অনূৰ্ধ ১৯ বিশ্বকাপত সকলোতকৈ বেছি উইকেট দখল কৰি নিজৰ প্ৰতিভাৰ উমান দিয়াৰ লগতে প্ৰশংসা আদায় কৰিছিল।ৰাজস্থানৰ এইগৰাকী ২০ বৰ্ষীয় বলাৰে ১৪ খনমেচত ১২ টা উইকেট দখল কৰিছে।
দেৱদূত পাড়িকলঃ কেৰেলাৰ এইগৰাকী ২০ বৰ্ষীয় ক্ৰিকেটাৰে চলিত চিজনত ১৪ খন মেচত ৫ টা অৰ্ধশতকৰ সহায়ত ৪৭২ ৰান কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পাড়িকল চলিত চিজনত তেওঁৰ দল আ চি বিৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা বেটচমেন এবি ডিভিলায়াৰ্ছতকৈ অধিক ৰান কৰিবলৈ সক্ষম হৈছে।
ইশাণ কিষাণঃ মুম্বাইৰ এইগৰাকী ক্ৰিকেটাৰে চলিত আইপিএলত সবাটোকৈ বেছি চৰ্চা লাভ কৰিছে। ইশানে ১২খন মেচত তিনিটা অৰ্ধশতকৰ সহায়ত ৪২৮ ৰান সংগ্ৰহ কৰিছে। ইশানে তেওঁৰ দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ঠাইত অপেনিং কৰাৰ সুযোগ লাভ কৰিছিল আৰু দলিয় মেনেজমেণ্টক বিশ্বাসজন্মাবলৈ সক্ষম হৈছিল।আনহাতে এখন মেচত ৯৯ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি সকলোৰে মাজত চৰ্চিত হৈ পৰিছিল।
ৰিতুৰাজ গাইকোৱাৰ্ডঃ চিজনৰ আৰম্ভণিতে বিফল হোৱা মহাৰাষ্ট্ৰৰ এই ক্ৰিকেটাৰগৰাকীয়ে পৰবৰ্তীসময়ত তিনিটা অৰ্ধশতক সংগ্ৰহ কৰি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।
ৰাহুৱ তেৱাতিয়াঃ হাৰিয়াণাৰ এইগৰাকী ক্ৰিকেটাৰে এখম মেচৰ এটা অভাৰত ৫ টা ছয় কোবাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ২৭ বৰ্ষীয় এই ক্ৰিকেটাৰগৰাকীয়ে ১৪ খন মেচত ২৫৫ ৰান সংগ্ৰহ কৰিছে। এইগৰাকী ক্ৰিকেটাৰে এটা অৰ্ধশতকৰ লগতে ১০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।
সূৰ্যকুমাৰ যাদৱঃ এইগৰাকী মুম্বাইৰ খেলুৱৈয়ে ১৪ খন মেচত ৪১০ ৰাম সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নামত চলিত চিজনত ৩ টা অৰ্ধশতক আছে।
সন্দিপ শৰ্মাঃ বেগী বলাৰ সন্দীপ শৰ্মাই ১১ খন মেচত ১৩ টা উইকেট দখল কৰিছে। চলিত চিজনত এখন মেচত ৩৪ ৰান দি তিনিটা উইকেদ দখল কৰাটোৱেই আছিল আটাইটকৈ ভাল প্ৰদৰ্শন।