Sunday, October 2, 2022
HomeNewsথাইলেণ্ড অপেন বক্সিঙত পদক নিশ্চিত অসমৰ ভাগ্যৱতী কছাৰীৰ

থাইলেণ্ড অপেন বক্সিঙত পদক নিশ্চিত অসমৰ ভাগ্যৱতী কছাৰীৰ

অলিম্পিয়া প্ৰতিবেদন

থাইলেণ্ড অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত পদক নিশ্চিত কৰিলে অসমৰ ভাগ্যৱতী কছাৰীয়ে । মহিলাৰ ৭৫ কে জি ওজন শাখাত ভাগ্যৱতীয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দী পৰ্নিপ্পা চুটিৰ বিৰূদ্ধে ৫-০ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত উপনীত হয় । ইয়াৰ লগে লগে পূৰ্বতে অলপৰ বাবে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদকৰ পৰা বঞ্চিত হোৱা ভাগ্যৱতীয়ে পদক নিশ্চিত কৰে । তেওঁৰ লগতে ভাৰতৰ আন কেইবাগৰাকীও বক্সাৰে অগ্ৰগতি লাভ কৰিছে ।
থাইলেণ্ডৰ এই হাই ভল্টেজ বক্সিং টুৰ্ণামেণ্টখনত বিশ্বৰ ১৩০ গৰাকী শীৰ্ষ বক্সাৰে অংশগ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত ৭৪ গৰাকী পুৰুষ আৰু ৫৬ গৰাকী মহিলা । ইয়াত অংশগ্ৰহণ কৰিছে এছিয়া, ইউৰোপ, ওচেনিয়া আৰু আফ্ৰিকাৰ বক্সাৰে । ২০১৯ বৰ্ষত থাইলেণ্ড অ’পেনৰ অন্তিমবাৰ ভাৰতীয় দলে ১টা সোণ , ৪টা ৰূপ, ৩টা ব্ৰঞ্জেৰে মুঠ ৮ টা পদক অৰ্জন কৰিছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments