Wednesday, July 6, 2022
HomeNewsদক্ষিণ কামৰূপত ফুটবলৰ মহাৰণ

দক্ষিণ কামৰূপত ফুটবলৰ মহাৰণ

দক্ষিণ কামৰূপত ফুটবলৰ মহাৰণ ৷
ধাংগাৰ গাঁও খেলপথাৰত লীগ কাম নকআউট টুৰ্ণামেণ্ট ৷
কলাগুৰু বিষ্ণুৰাভা কৃষ্টি সংঘৰ সহযোগত নংবাগ ফুটবল একাডেমীৰ উদ্যেগ ৷
অংশ ললে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৮ টা দলে ৷
টুৰ্ণামেণ্ট উদ্বোধন ৰাভা হাচং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী কাউঞ্চিলাৰ নগৰমল স্বৰ্গীয়াৰীৰ ৷

দক্ষিণ কামৰূপৰ সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত বুধবাৰ, অৰ্থাৎ ১৫ জুনত আৰম্ভ হ’ল লীগ কাম নকআউট ফুটবল টুৰ্ণামেণ্ট ৷ নংবাগ ফুটবল একাডেমীয়ে এই টুৰ্ণামেণ্টখন যথেষ্ঠ পৰিপাটি ৰূপত আয়োজন কৰিছে ৷ একাডেমীৰ এই কামত সহযোগিতা কৰিছে কলাগুৰু বিষ্ণুৰাভা কৃষ্টি সংঘই ৷ প্ৰতিযোগিতা অনুস্থিত হৈছে ধাংগাৰ গাঁও খেলপথাৰত ৷ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৮ টা দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্ট বুধবাৰে উদ্বোধন কৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী কাউঞ্চিলাৰ নগৰমল স্বৰ্গীয়াৰীয়ে ৷ নংবাগ ফুটবল একাডেমীৰ সম্পাদক সতীশ ৰাভাই আঁতধৰা উদ্ধোধনী অনুস্থানত উপস্থিত থাকিল ৰাভা হাচং স্বায়ত্ব পৰিষদৰ কুলশী সমষ্টিৰ জেনেৰেল কাউঞ্চিলৰ দিলীপ কুমাৰ ৰাভা, অলিম্পিয়া স্পৰ্টছৰ কনছাল্টিং এডিটৰ উদয় বৰগোহাঁই, ধাংগাৰ গাঁৱৰ সভাপতি জনেন্দ্ৰ ৰাভা, প্ৰাক্তন ৰেফাৰী দীনমনি ৰাভাকে ধৰি বহু বিশিষ্ট লোক ৷ উদ্বোধনী মেচত মুখামুখী হ’ল আয়োজক নংবাগ ফুটবল একাডেমী বনাম বকো শিমলাৰ নৱজ্যোতি যুৱ সংঘ ৷ এই টুৰ্ণমেণ্ট আয়োজনত মুখ্য ভুমিকা গ্ৰহণ কৰা গুৱাহাটী ৰেফাৰী সন্থাৰ সন্মানীয় সদস্য সতীশ ৰাভাই প্ৰকাশ কৰিলে নিজৰ মনোভাৱ,

বৰষুণৰ বতৰ যদিও টুৰ্ণমেণ্ট অনুস্থিত হোৱা স্থানত পানী জমা হোৱা নাই ৷ তেনে অৱস্থাত পিচল খেলপথাৰত খোপনি পুতিবলৈ দুয়ো দলৰ খেলুৱৈসকলে যথেষ্ট পৰিশ্ৰম কৰিব লগা হয় ৷ সম্পূৰ্ণ ৯০ মিনিট ধৰি চলা আকৰ্ষণীয় মেচখন ১-১ গ’লত অমীমাংসিত হৈ ৰোৱাত দুয়ো দলে পইণ্ট ভগাই লয় ৷ মেচৰ ৩৪ মিনিটত অধিনায়ক ধনজিৎ ৰাভাই দিয়া গ’লৰ সহায়ত নংবাগ ফুটবল একাডেমীয়ে বিৰতিলৈকে ১-০ ৰ অগ্ৰগতি লাভ কৰে ৷ উক্ত গ’ল পৰিশোধ কৰিবলৈ শিমলাৰ নৱজ্যোতি যুৱ সংঘই কেইবাটাও সংঘবদ্ধ প্ৰচেষ্টা চলাই যদিও নংবাগ দলৰ গ’লৰক্ষকে সেই প্ৰচেষ্টা ব্যৰ্থ কৰে ৷ শেষ মূহুৰ্তত নংবাগ দলৰ এজন খেলুৱৈয়ে বিধিনিষিদ্ধ ভাৱে প্ৰতিপক্ষৰ এজন খেলুৱৈক আক্ৰমণ কৰাত ৰেফাৰীয়ে পেণাল্টিৰ নিৰ্দেশ দিয়ে । উক্ত পেণাল্টী গ’ললৈ ৰূপান্তৰিত কৰি নৱজ্যোতি যুৱ সংঘই মেচখন ড্ৰ ৰাখিবলৈ সক্ষম হয় ৷ ফাইনেল হুইছেল পৰাৰ মাত্ৰ কেই মূহুৰ্তমানৰ পূৰ্বে নৱজ্যোতি যুৱ সংঘই এই সমতাসূচক গ’লটো দিয়ে ৷ টুৰ্ণামেণ্ট উদ্বোধন কৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী কাউঞ্চিলাৰ নগৰমল স্বৰ্গীয়াৰীয়ে ,

[

ৰেফাৰী হিচাপে মেচখন সুন্দৰভাৱে পৰিচালনা কৰে তপন দত্ত আৰু তেওঁক লাইনত সহায় কৰে অৰূপজ্যোতি ৰাভা আৰু গোলাপ দাসে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে সন্তু ৰাভাই ৷ এই টুৰ্ণমেণ্টখন আয়োজনত বিভিন্নজনে সহায়ৰ হাত আগবঢ়ায় ৷ চেম্পিয়ন দলৰ ট্ৰফী আৰু প্ৰাইজমানি প্ৰদান কৰিছে কুলশীৰ অভিযন্তা দিপুল ৰাভাই ৷ মেচত উপস্থিত থাকি কুলশী সমষ্টিৰ জেনেৰেল কাউঞ্চিলাৰ দিলীপ কুমাৰ ৰাভাই মনোভাৱ প্ৰকাশ কৰিলে ,

ধাংগাৰ গাঁৱৰ এক সুন্দৰ পৰিবেশত এনেদৰে এখন পূৰ্ণ পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰি ধন্যবাদৰ পাত্ৰ হৈছে নংবাগ ফুটবল একাডেমী ৷ এক বহল খেলপথাৰত অনুষ্ঠিত এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ পাই খেলুৱৈসকল যথেষ্ট উৎসাহিত হৈছে ৷ টুৰ্ণামেণ্টৰ আনবোৰ দল হ’ল– ৰাজাপাৰা এফ চি, বকো শিমলাৰ নৱজ্যোতি যুৱ সংঘ, জে এছ চি পাণ্টান, জিয়াকুৰৰ হেপী স্পৰ্টছ ক্লাব, ৰামপুৰ চি চি, ভি আই পিৰ লিন্দা এফ এ আৰু এলিহা এফ চি৷ খেলপথাৰলৈ দৰ্শকৰ আগমন ঘটিছে ৷ লীগ ভিত্তিত টুৰ্ণামেণ্ট আয়োজন কৰাৰ বাবে প্ৰতিটো দলে কমেও তিনিখনকৈ মেচ খেলাৰ সুযোগ লাভ কৰিছে ৷ ধাংগাৰ গাঁৱৰ এই খেলপথাৰত ভৱিষ্যতে উন্নত পৰ্যায়ৰ ফুটবল মেচ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে নংবাগ ফুটবল একাডেমীৰ বিষয়ববীয়াসকলে ৷ গ্ৰামাঞ্চলত ফুটবলৰ জনপ্ৰিয়তা ক্ৰমাত যে বৃদ্ধি পাইছে সেয়া প্ৰতিফলিত হ’ল এইখন টুৰ্ণামেণ্টৰ যোগেদি ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments