সুকুমাৰ মেধি, অলিম্পিয়া প্ৰতিবেদন
দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ‘বি’ ডিভিজন আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতাত শিমলা নৱজ্যোতি যুৱক সংঘ চেম্পিয়ন হৈছে । সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত ফাইনেলত নৱজ্যোতি ক্লাবে বামুণীগাঁও ফুটবল ক্লাবক ১-০ গ’লত হৰুৱায় । সোণতলী ফুটবল একাডেমীৰ সহযোগত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ ৮ টা ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথম বাৰ্ষিক প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন চাবলৈ ৫ সহস্ৰাধিক দৰ্শকৰ সমাবেশ হৈছিল । প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বামুণীগাঁৱৰ নিয়োজিৎ ৰাভাই । সৰ্বোচ্চ গ’লদাতাৰ সন্মান লাভ কৰে হেপ্পী স্প’ৰ্টছ ক্লাবৰ চিন্ময় কলিতাই । ফাইনেলত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফুদ্দিন আহমেদ, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী নগৰমল স্বৰ্গীয়াৰী, বিশিষ্ট সাংবাদিক আজাদ ওচমান গণি, দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি, ফুটবল সম্পাদক ৰণজিৎ দাস, স্থানীয় আঞ্চলিক সদস্য মইনুল হক , সভাপতি তাইজুদ্দিন আহমেদ, প্ৰাক্তন সভাপতি জাহিদূল ইছলাম আদি কৰি বিশিষ্ট ব্যক্তিসকল ।
হেপ্পী স্প’ৰ্টছ বঞ্চিত
ছেমি ফাইনেলত জয়ী হৈয়ো ফাইনেল খেলাৰ পৰা বঞ্চিত হয় হেপ্পী স্প’ৰ্টছ ক্লাব । বিজিত বামুণীগাঁও ফুটবল ক্লাবৰ অভিযোগমতে হেপ্পী ক্লাবৰ এগৰাকী খেলুৱৈৰ পঞ্জীয়নৰ খেলিমেলি ধৰা পৰে ।