Tuesday, October 4, 2022
HomeNewsদক্ষিণ কোৰিয়াৰ গয়াঙত আৰম্ভ বিশ্ব টাইকোৱানডো পুমছে চেম্পিয়নশ্বিপ

দক্ষিণ কোৰিয়াৰ গয়াঙত আৰম্ভ বিশ্ব টাইকোৱানডো পুমছে চেম্পিয়নশ্বিপ

দক্ষিণ কোৰিয়াৰ গয়াঙত আৰম্ভ বিশ্ব টাইকোৱানডো পুমছে চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: দক্ষিণ কোৰিয়াত বিশ্ব টাইকোৱানডোৰ সৰ্ববৃহৎ চেম্পিয়নশ্বিপ। গয়াঙত আৰম্ভ বিশ্ব টাইকোৱানডো পুমছে চেম্পিয়নশ্বিপ । ৰঙীন লাইটৰ পোহৰত এক দৰ্শনীয় উদ্বোধনী অনুষ্ঠানে মোহিলে অনুৰাগীক । ২১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিশ্ব টাইকোৱানডো পুমছে চেম্পিয়নশ্বিপ । ২৪ এপ্ৰিললৈকে চলিব লগা এই বৃহৎ টুৰ্ণামেন্টত সমাবেশ ঘটিছে প্ৰায় ৬২ খন দেশৰ প্ৰায় ৭৬০ গৰাকী টাইকোৱানডো খেলুৱৈৰ । উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে বিশ্ব টাইকোৱানডোৰ সভাপতি চুংৱন চৌয়ে । তেওঁ ভাষণত কয়– “টাইকোৱানডো হৈছে বিশ্বৰ বাবে এক উপহাৰ আৰু সমাজৰ এক মহান একত্রীকৰণ । ইয়াৰে পুমছে সঁচাকৈয়ে সকলোৰে বাবে সুন্দৰ ক্ৰীড়া।”

আৰু অধিক পঢ়ক

ইফালে, মংগলবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হ’ল অসমৰ দুগৰাকী খেলুৱৈ আৰু এগৰাকী প্ৰশিক্ষক। তেওঁলোক হ’ল– উত্তৰ গুৱাহাটীৰ মৈত্ৰী শৰ্মা, গুৱাহাটীৰ মহাশ্বেতা কাশ্যপ আৰু উত্তৰ গুৱাহাটীৰে প্ৰশিক্ষক প্ৰীতম কিশোৰ বৰা ।অসমৰ তিনিজনীয়া দলটোৰ সৈতে ভাৰতৰ খেলুৱৈসকলে এই বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে ।প্ৰশিক্ষক প্ৰীতম কিশোৰ বৰাৰ সৈতে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে স্বপ্না যাদব । ভাৰতীয় দলটোৰ সৈতে ইতিমধ্যে মিলিত হৈছে অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰ । গীতিকা হ’ল অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ সহকাৰী সম্পাদক ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

কোৰিয়াত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে সাজু হৈছে মেত্রী আৰু মহাশ্বেতা । সাতশৰো অধিক খেলুৱৈৰ মাজৰ পৰা অসম তথা ভাৰতবৰ্ষলৈ পদক আঁজুৰি আনিবলৈ চেষ্টা অব্যাহত ৰাখক দুয়োৱে । ক্ৰীড়া অনুৰাগীৰ আশা– দক্ষিণ কোৰিয়াত ভাৰতৰ হৈ মৈত্রী আৰু মহেশ্বেতাই উৰাওক বিজয় ধ্বজা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments