Friday, September 30, 2022
HomeNewsদিছপুৰত কামৰূপ জিলা স্পীড স্কেটিং প্ৰতিযোগিতা

দিছপুৰত কামৰূপ জিলা স্পীড স্কেটিং প্ৰতিযোগিতা

দিছপুৰত কামৰূপ জিলা স্পীড স্কেটিং প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: দিছপুৰ স্কেটিং ৰিংকত এজাক উদীয়মান খেলুৱৈ । সকলোৰে চকুত পদক জয়ৰ সপোন । কামৰূপ জিলা স্পীড স্কেটিং প্ৰতিযোগিতাত খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন ।

দেওবাৰে দিছপুৰ স্কেটিং ৰিংকত দেখা গ’ল ক্ৰীড়াৰ এক সুন্দৰ পৰিবেশ ‌ । গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমী আৰু দিছপুৰ স্কেটিং একাডেমীৰ সহযোগত এদিনীয়াকৈ অনুষ্ঠিত হ’ল কামৰূপ জিলা স্পীড স্কেটিং প্ৰতিযোগিতা । ৬ টা বয়স গোটৰ শাখাত উদীয়মান খেলুৱৈসকলে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । কামৰূপ জিলাৰ ১৫ টা একাডেমীৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈৰ সমাবেশ ঘটিল এই প্ৰতিযোগিতাত । এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিলে গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে । এই সৰ্ম্পকে জনালে গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীৰ সম্পাদক মানৱ বি মেধীয়ে —

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আন্তঃজিলা স্পীড স্কেটিং প্ৰতিযোগিতা । তাৰ প্ৰাকক্ষণত খেলুৱৈসকলক প্ৰস্তুত কৰি তুলিবৰ বাবে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা । বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল স্পৰ্টছ অথৰিটি অৱ আসামৰ লায়েচন অফিচাৰ সঞ্জীৱ গগৈ, অসম ৰোলাৰ স্কেটিং সন্থাৰ যুটীয়া সম্পাদক টিকেন মেধীকে আদি কৰি গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীৰ বিষয় ববীয়া সকল ।

ক্ৰীড়া অনুৰাগীৰ আশা — এনে প্ৰতিযোগিতাৰ জৰিয়তে অসমত সৃষ্টি হওক প্ৰতিভাৱান খেলুৱৈৰ । সমাগত আন্তঃজিলা ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত জিলিকি পৰক কামৰূপৰ খেলুৱৈসকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments