Monday, October 3, 2022
HomeNewsদিছপুৰত ত্রয়োদশ বাৰ্ষিক চিটি প্ৰিমিয়াৰ লীগ ১ মে' ৰ পৰা

দিছপুৰত ত্রয়োদশ বাৰ্ষিক চিটি প্ৰিমিয়াৰ লীগ ১ মে’ ৰ পৰা

দিছপুৰত ত্রয়োদশ বাৰ্ষিক চিটি প্ৰিমিয়াৰ লীগ ১ মে’ ৰ পৰা

অলিম্পিয়া প্রতিবেদন: দিছপুৰ পেৰেড গ্ৰাউণ্ডত অহা ১ মেৰ পৰা আৰম্ভ হ’ব ত্রয়োদশ বাৰ্ষিক চিটি প্ৰিমিয়াৰ লীগ চমুকৈ চি পি এল ক্ৰিকেট টুৰ্ণামেণ্ট । চিটি ক্ৰিকেট কোচিং চেণ্টাৰে আয়োজন কৰা এই ২০ অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখন ছাব জুনিয়ৰ আৰু জুনিয়ৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব । ছাব জুনিয়ৰ গ্ৰুপৰ সকলো মেচ পুৱা ৯ বজাৰ পৰা আৰু জুনিয়ৰ গ্ৰুপৰ সকলো মেচ দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ’ব ।

আৰু অধিক পঢ়ক

চি পি এলৰ ছাব জুনিয়ৰ গ্ৰুপৰ দলবোৰ হ’ল — কোব্রা , লিয়পাৰ্ড , ৰাইনো , ডাইনাছ’ৰ আৰু পেৰট । ১ মে’ৰ পুৱা ৯ বজাৰ পৰা ডাইনাচ’ৰ দলে পেৰট দলৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব । আনহাতে , জুনিয়ৰ গ্ৰুপৰ দলবোৰৰ নাম হ’ল– পেংগুইন , ঈগলছ , কিং ফিছাৰ আৰু হায়েনা । ১ মে’ ৰ দুপৰীয়া ১২ বজাৰ পৰা জুনিয়ৰ গ্ৰুপত পেংগুইন দলে ঈগলছৰ বিৰুদ্ধে প্ৰথম মেচ খেলিব । ছাব জুনিয়ৰ গ্ৰুপৰ সকলো খেলুৱৈক পুৱা ৮.১৫ বজাত আৰু জুনিয়ৰ গ্ৰুপৰ খেলুৱৈসকলক দিনৰ ১১.৩০ বজাত উপস্থিত হ’বলৈ আহ্বান জনাছে চিটি ক্ৰিকেট কচিং চেণ্টাৰৰ মুখ্য সম্পাদক তথা এন আই এছ প্ৰশিক্ষক গৌতম হাজৰিকাই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments