দিল্লীৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ লগতে ভাৰতীয় জাতীয় ক্ৰিকেটদলৰ একাংশ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ, যুৱৰাজ সিং , ইফান পাঠানে দিল্লীৰ হিংসাত্মক পৰিস্থিতি সম্পৰ্কে টুইটাৰত নিজৰ মন্তব্য প্ৰকাশ কৰাৰ লগতে দিল্লীবাসী ৰাইজলৈ শান্তি অটুট ৰাখিবলৈ আহ্বান কৰিছে।
ৰাজধানী চহৰখনত সৃষ্টি হোৱা শসেহতীয়া হিংসাত্মক পৰিস্থিতিৰ বাবে ৩৫ জন লোক নিহত হ’বলগীয়া হৈছে। আহত হৈছে শতাধিক।
ইতিমধ্যে দিল্লীৰ পৰিবেশ কিছু সাম কাটিছে যদিও এতিয়াও উত্তেজনা হ্ৰাস পোৱা নাই। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই পৰিস্থিতি কিছু সাম কাটিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাৰে বােৰ সেনা মোতায়েন কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল।