Thursday, July 7, 2022
HomeNewsদিল্লীৰ ষ্টেডিয়ামত কুকুৰ লৈ সান্ধ্য ভ্ৰমণ এহাল আই এ এছ দম্পতী

দিল্লীৰ ষ্টেডিয়ামত কুকুৰ লৈ সান্ধ্য ভ্ৰমণ এহাল আই এ এছ দম্পতী

দিল্লীৰ ষ্টেডিয়ামত কুকুৰ লৈ সান্ধ্য ভ্ৰমণ এহাল আই এ এছ দম্পতী

অলিম্পিয়া প্ৰতিবেদন: এহাল আই এ এছ দম্পতীৰ নাভ্ৰুত নাশ্ৰুত কাণ্ড । দিল্লীৰ ষ্টেডিয়ামত কুকুৰ লৈ সান্ধ্য ভ্ৰমণ । গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে বিহিত ব্যৱস্থা । দেশজুৰি লাগিছে তোলপাৰ ।

এখন ষ্টেডিয়াম খেলুৱৈৰ বাবে মুকলি থাকে । খেলুৱৈসকলে অনুশীলনৰ জৰিয়তে নিজকে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰে । কিন্ত দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত ঘটিল এক নজিৰবীহিন ঘটনা । ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াই জনতাক খেদি নিজৰ পোহনীয়া কুকুৰটো ফুৰাবলৈ নিলে । এই আই এ এছ দম্পতী হ’ল– সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু দুগ্গা । দুই পতি-পত্নীয়ে ক্ষমতাৰ যেন কৰিলে অপ্ৰয়োগ ।

আৰু অধিক পঢ়ক

ঘটনা অনুসৰি, দৈনিক ক্ৰীড়া কাৰ্যকলাপ নিয়মীয়া সময়তকৈ আগতে বন্ধ কৰি তেওঁলোকে কুকুৰ লৈ বিচৰণ কৰিছিল ষ্টেডিয়ামত । দিল্লীৰ ৰাজহ বিভাগৰ প্ৰধান সচিব গৰাকীয়ে নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্যাগৰাজ ষ্টেডিয়ামৰ পৰা সাধাৰণ লোকক উলিয়াই আগতীয়াকৈ বন্ধ কৰি দিছিল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সান্ধ্য ভ্ৰমণৰ এই দৃশ্য আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে জাঙুৰ খাই উঠিল সচেতন ক্ৰীড়া মহল । বহুতে প্ৰশ্ন উত্থাপন কৰিছে — নিজৰ স্বাৰ্থৰ বাবে খেলুৱৈক বঞ্চিত কৰাৰ অধিকাৰ ক’ত পালে আই এ এছ বিষয়াই ।

আই এ এছ দম্পতী বিৰ্তকৰ মাজত সোমাই পৰাৰ পাছতেই দেশৰ গৃহ মন্ত্ৰালয়ে বিষয়া দুগৰাকীৰ ওপৰত গ্ৰহণ কৰিছে বিহিত ব্যৱস্থা । বৃহস্পতিবাৰে দুয়োগৰাকীকে শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়া হৈছে। আই এ এছ বিষয়া সঞ্জীৱ খিৰৱাৰক লাডাখ আৰু পত্নী ৰিংকু দুগ্গাক অৰুণাচললৈ তাৎক্ষণিক ভাৱে বদলিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।লগতে, এই সন্দৰ্ভত, কেন্দ্ৰই দিল্লীৰ মুখ্য সচিব নৰেশ কুমাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন ।

কুকুৰক লৈ সান্ধ্য ভ্ৰমণৰ বাবে খেলুৱৈসকলক বঞ্চিত কৰাৰ কাৰ্যক দেশৰ ক্ৰীড়ামহলে জনাইছে ধিক্কাৰ । বহুতেই ইয়াক ক্ষমতাৰ অপপ্ৰয়োগ বুলি অভিহিত কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments