Tuesday, October 4, 2022
HomeNewsদিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্টক জৰিমনা :মেচ ফী কৰ্তন

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্টক জৰিমনা :মেচ ফী কৰ্তন

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্টক জৰিমনা :মেচ ফী কৰ্তন

অলিম্পিয়া স্পৰ্টছ: বিশ্বখ্যাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ শেষৰ বলত মেচৰ গতি সলনি হয় । অসম্ভকো সম্ভৱ কৰাৰ আন এটা নামেই আই পি এল । সেয়াই হয়তো আই পি এল অনুৰাগীৰ মূল আকৰ্ষণ । আম্পায়াৰৰ সিদ্ধান্ত‌ই সলনি কৰে নেকি মেচৰ গতি ? এয়া বিশ্ব ক্ৰিকেটপ্ৰেমীৰ বৰ্তমান ডাঙৰ প্ৰশ্ন । আম্পায়াৰৰ সিদ্ধান্তক খেলুৱৈ আৰু দৰ্শকে মানি ল’ব নোৱাৰাটো আই পি এলত প্ৰায়ে দেখা যায় ।

বিগত আই পি এলত কেপ্টেইন কুল ধোনীয়েও আম্পায়াৰৰ সিদ্ধান্তক প্ৰতিবাদ কৰা দেখা গৈছিল । পেভেলিয়নৰ পৰা খেলপথাৰলৈ নামি আম্পায়াৰৰ সিদ্ধান্তক প্ৰতিবাদ কৰাও দেখা পোৱা গৈছিল । এয়া মাথোঁ এক উদাহৰণ । এনে বহু ঘটনা ক্ৰিকেটপ্ৰেমীয়ে আই পি এলত প্ৰত্যক্ষ কৰি আহিছে । সেই একে ধৰণৰ ঘটনা দেখিবলৈ পোৱা গ’ল চলিত আই পি এলত । শুক্ৰবাৰে মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ মেচত ঘটিল এনে এক ঘটনা । ৰাজস্থান ৰয়েলছে বান্ধি দিয়া ২২৩ ৰাণৰ লক্ষ্য পূৰণ কৰিবলৈ শেষৰ অভাৰত উপনীত হয় দিল্লী কেপিটেলছ । শেষৰ অভাৰত প্ৰয়োজন হ’ল ৩৬ ৰাণ । ৰাজস্থান ৰয়েলছৰ ৱেষ্ট ইণ্ডিজৰ অবেড মেকয়ৰ বলত দিল্লী কেপিটেলছৰ ৱেষ্ট ইণ্ডিজৰে বেটছমেন ৰভমান পাৱলে সকলোকে স্তম্ভিত কৰি ৩ টা বলত ৩ টা ছয় মাৰে । ৩ নম্বৰ বলটো অভাৰ হাই ন’ বল বুলি দাবী কৰে দিল্লী কেপিটেলছৰ বেটছমেনজনে ।

আৰু অধিক পঢ়ক

ইফালে দিল্লীৰ অধিনায়ক ঋষভ পন্তে থাৰ্ড আম্পায়াৰৰ জড়িয়তে দাবী কৰা দেখা গ’ল ন’ বল বুলি । আম্পায়াৰে সিদ্ধান্ত সলনি নকৰাত অধিনায়ক পন্ত উত্তেজিত হৈ খেল সামৰি বেটছমেন দুজনক খেলপথাৰ এৰি আহিবলৈ জনালে । পৰিস্থিতি উতপ্ত হৈ পৰাত আম্পায়াৰে ভিডিঅ’ এনালাইছিছ কৰিবলৈ বাধ্য হয় । শেষত সিদ্ধান্ত হ’ল, ন বল নহয় । কিন্তু বলটো যে বেটছমেন পাৱলৰ ককালৰ ওপৰত থকাটো টিভি দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল । অৱশ্যে শ্বটটো লোৱাৰ সময়ত বেটছমেনজনক কিছু হালি থকা যেনো লাগিছিল । পাছত মেচখন নিয়মিতভাৱে আগবাঢ়িল । ১৫ ৰাণত ৰাজস্থান ৰয়েলছ জয়ী হয় । এই বৰ্ষত নেদেখা ছবি এখন আকৌ দেখা পোৱা গ’ল । সঁচাই সলনি হয় নেকি আম্পায়াৰৰ সিদ্ধান্তত মেচৰ গতি ? এয়া অনুৰাগীৰ মাজৰ এক ডাঙৰ প্ৰশ্ন ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত নো-বলক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে আৰু লগতে আম্পায়াৰক সমালোচনা কৰাৰ বাবে শাস্তিৰ সন্মুখীন হৈছে । আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে পন্তক তেওঁৰ খেল মাচুলৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে । অৰ্থাৎ তেওঁলোকৰ সমগ্ৰ মেচ মাচুল কৰ্তন কৰা হৈছে । পন্তৰ উপৰি দিল্লী কেপিটেলছৰ বলাৰ শাৰ্দুল ঠাকুৰ আৰু সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰেকো জৰিমনা বিহা হৈছে । এই বিবাদৰ সময়ত আমৰে গ্ৰাউণ্ডলৈ গৈছিল । তেওঁক এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে । একে সময়তে, তেওঁক মেচ মাচুলৰ ১০০ শতাংশ জৰিমনাও বিহা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments