অলিম্পিয়াৰ প্ৰতিবেদন
দিল্লী ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিততাৰে নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰয়াত বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলী। অৱশ্যে প্ৰথমে এই পদৰ বাবে সুনীল কুমাৰ গোৱেলে মনোনয়ন দাখিল কৰিছিল যদিও পৰবৰ্তী সময়ত তেওঁ এই মনোনয়ন প্ৰত্যাহাৰ কৰিছিল। দিল্লী ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে ৰোহন জেটলী নিৰ্বাচিত হোৱাৰ লগে লগে এতিয়া সামাজিক মাধ্যমত বিতৰ্ক আৰম্ভ হৈছে। একাংশ নেটিজেনে বিচিচিআইৰ সচিব অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ আৰু DDCA ৰ নৱনিৰ্বাচিত সভাপতি অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীৰ ফটো আপলোড কৰি লিখিছে, বিজেপিত পৰিয়ালতন্ত্ৰ নাই। আন একাংশই দুয়োৰে ফটো আপলোড কৰি লিখিছে বিজেপিত ভাই ভতিজাবাদ নাই।
ক্ৰীড়া সংগঠনৰ মুৰব্বীৰ পদত ৰাজনৈতিক নেতা অধিস্থিত হোৱাটো ভাৰতত নতুন নহয় যদিও পিতৃ বিজেপিৰ নেতা হোৱাৰ সুৱাদতে এইদৰে ক্ৰীড়া সংস্থাৰ গুৰুত্বপূৰ্ণ আসনত পুত্ৰ অধিস্থিত হোৱাক লৈ সৰৱ চৰ্চা অব্যাহত আছে।