ক্ৰিকেটত দুই ভাতৃয়ে নিজ দেশক একেসময়তে প্ৰতিনিধিত্ব কৰাৰ উদাহৰণ বহুত আছে। ভাৰতৰে ইউছুফ পাঠান আৰু ইৰফান পাঠান, ক্ৰোণাল পাণ্ডিয়া আৰু হাৰ্ডিক পাণ্ডিয়া ইয়াৰ সুন্দৰ উদাহৰণ। আনহাতে নিজ দেশৰ পৰিবৰ্তে অন্য দেশৰ হৈয়ো একাংশ খেলুৱৈয়ে খেলাৰ উদাহৰণ বহুত আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে দুজন ভাতৃৰ কথা যিয়ে অলিম্পিকত দুখন ভিন্ন দেশক প্ৰতিনিধিত্ব কৰি সফলতা লাভ কৰিছে।
আয়াৰলেণ্ডৰ Tim Ahearne আৰু Dan Ahearne ভাতৃদ্বয়ে অলিম্পিকত আয়াৰলেণ্ড আৰু আমেৰিকাক প্ৰতিনিধিত্ব কৰি সফলতা লাভ কৰিছিল। টিমে ১৯০৮ চনত অনুষ্ঠিত হোৱা লণ্ডন অলিম্পিকত আয়াৰলেণ্ডৰ হৈ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰিছিল।
১৯০৮ চনত আয়াৰলেণ্ডে লণ্ডন অলিম্পিকত টিমৰ পৰা পদক আশা কৰিছিল। প্ৰতিযোগিতাখনত প্ৰথমে লঙ্গ জাম্পত টিমে অংশগ্ৰহণ কৰিছিল যদিও অষ্টম স্থানতে সীমাবদ্ধ থাকে। যাৰ বাবে টিম নিৰাশ হৈ পৰে। কিন্তু ইয়াৰ পিছতে তেওঁ ট্ৰিপল জাম্পত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ১৪.৯১ জাম্প কৰি সেইবাৰ টিমে বিশ্ব ৰেকৰ্ড গঢ়িছিল।
ইয়াৰ পিছতে ১৯০৯ চনত টিমৰ কনিষ্ঠ ভাতৃ ডানে ক্ৰীড়া জগতত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ আয়াৰলেণ্ডৰ লংগ জাম্প, হাই জাম্প আৰু হাৰ্ডলছত চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই তেওঁ আয়াৰলেণ্ড এৰি আমেৰিকালৈ উৰা মাৰে। অৱশ্যে তেওঁ ১৯১২ চনৰ অলিম্পিকত আমেৰিকাৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ নাপালে। কাৰণ সেই সময়ত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰা নাছিল। সেইবাৰ তেওঁ বৃটেইনৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰিছিল যদিও সফলতা লাভ নকৰিলে। ইয়াৰ পিছত ১৯২০ চনৰ অলিম্পিকত আমেৰিকাৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। অৱশ্যে সেইবাৰো তেওঁ পদক লাভ কৰিব নোৱাৰিলে। তথাপিও তেওঁ চতুৰ্থ স্থান অৰ্জনেৰে সকলোৰে দৃষ্টী আকৰ্ষণ কৰে। ডানে ১৯০৮ চনত এমেচাৰ এথলেটিকছৰ জুনিয়ৰ চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। সেই সময়ত তেওঁ হ’প, স্কিপ আৰু জাম্পত ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ১৯০৯ চনত ডানে হ’প আৰু জাম্পত বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিছিল যি ৰেকৰ্ড ১৯২০ চনলৈকে সুৰক্ষিত হৈ আছিল।