Tuesday, October 4, 2022
HomeNewsদুজন ভাগ্যবান যুৱ ক্ৰিকেটাৰ

দুজন ভাগ্যবান যুৱ ক্ৰিকেটাৰ

দুজন ভাগ্যবান যুৱ ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন: দুজন ভাগ্যবান যুৱ ক্ৰিকেটাৰ । একেটা বৰ্ষত ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰি টি-২০ বিশ্বকাপলৈ কাটিলে টিকট । বিচিচিআইয়ে ঘোষণা কৰা তালিকাত অৰ্শদীপ সিং আৰু দীপক হুদা ।

পদূলি মূখত টি ২০ বিশ্বকাপ । ক্ৰিকেটৰ মহাৰণলৈ সাজু হৈছে বিশ্বৰ শক্তিশালী দলসমূহ । কঁকালত টঙালি বান্ধিছে ভাৰতীয় ক্ৰিকেট দলেও ‌। সোমবাৰে বিচিচিআইয়ে বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিলে । লক্ষণীয়ভাৱে বিশ্বকাপৰ ভাৰতীয় দলটোত স্থান লাভ কৰিছে যুৱ ক্ৰিকেটাৰ অৰ্শদীপ সিং আৰু দীপক হুদাই । এই দুগৰাকী ক্ৰিকেটাৰে চলিত বৰ্ষত টি-২০ ত আত্মপ্ৰকাশ কৰি টি-২০ বিশ্বকাপৰ ভাৰতীয় দলতো লাভ কৰিছে স্থান ।
অৰ্শদীপ সিঙে চলিত বৰ্ষৰ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত আত্মপ্ৰকাশ কৰিছিল । প্ৰায় দুমাহৰ পাছতে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হ’ল । উল্লেখযোগ্য যে, যুৱ ক্ৰিকেটাৰ অৰ্শদীপে এতিয়ালৈকে ১১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । তেওঁ ২০.১৪ গড়ে মুঠ উইকেট দখল কৰিছে ১৪ টা ।

ইফালে, যুৱ ক্ৰিকেট তাৰকাৰ ভিতৰত অন্য এক নাম হল দীপক হুদা । চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত আত্মপ্ৰকাশ কৰে দীপক হুদাই । প্ৰায় ৭ মাহৰ বিৰতিৰ পাছত টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰিলে ক্ৰিকেটাৰজনে । দীপক হুদাই আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত দিছিল চমক । তেওঁৰ তৃতীয় টি-২০ ইনিংছত এক শতক অৰ্জনেৰে নিজৰ প্ৰতিভাৰ উমান দিছিল ক্ৰিকেট বিশ্বত । আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত তিনি নম্বৰ বেটিং ক্ৰমত অহা দীপক হুদাই ৫৭ টা বলত বৰঙণি যোগাইছিল ১০৪ ৰাণ ।

সকলো দেখি শুনি বিচিচিআইৰ নিৰ্বাচকৰ তুলাচনীত উঠিল অৰ্শদীপ আৰু হুদা । মূল দলত থকা দুয়োগৰাকী ক্ৰিকেটাৰৰ পৰা বহু আশা কৰিছে বিচিচিআইয়ে ।

ক্ৰীড়া অনুৰাগীৰ আশা — টি – ২০ বিশ্বকাপত দুয়ো গৰাকী যুৱ ক্ৰিকেটাৰে পুনৰ প্ৰতিপন্ন কৰক নিজৰ পৰাক্ৰম । ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে আজুৰি আনক টি-২০ বিশ্বকাপৰ সন্মান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments