ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক দুজন হোৱাটো বিচাৰিছে বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় দলটোৰ টেষ্ট অধিনায়ক সলনি কৰাৰ প্ৰসংগত সামাজিক মাধ্যমত অনুৰাগীসকলেও বিভিন্ন মন্তব্য প্ৰকাশ কৰিছিল। এইবাৰ বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে মুকলিকৈ এই পৰামৰ্শ আগবঢ়াইছে। তেওঁলোকৰ মতে ভাৰতীয় দলটোৰ ফৰ্মেট অনুসৰি অধিনায়কৰ দায়িত্ব ভাগ কৰা উচিত। আজিংক্য ৰাহানেক টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়াৰ বিপৰীতে সীমিত অভাৰৰ দায়িত্ব ৰোহিত শৰ্মাক দিব লাগে বুলি কৈছে এইসকল ক্ৰিকেটাৰে।
এই দাবী উত্থাপনৰ আঁৰত আছে এক বিশেষ পৰিসংখ্যা। যোৱা দশকলৈ মন কৰিলে দেখা যাঢ় যিটো দলৰ বফৰ্মেট অনুসৰি অধিনায়ক বেলেগ বেলেগ সেই দলে অধিক সফলতা লাভ কৰিছে। অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট আৰু অন্যান্য ফৰ্মেটৰ অধিনায়ক বেলেগ বেলেগ। অষ্ট্ৰেলিয়াই ২০১৫ আৰু ইংলেণ্ডে ২০১৯ বিশ্বকাপ জয় কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে ২০১২ আৰু ২০১৬ টি-২০ বিশ্বকাপ জয় কৰিছে।
ভাৰতীয় দলৰ অধিনায়ক ফৰ্মেট অনুসৰি ভাগ কৰাৰ ক্ষেত্ৰত মন্তব্য কৰা এই প্ৰাক্তন ক্ৰিকেটাৰসকলৰ ভিতৰত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ইয়ান চেপেল, ভাৰতৰ পূৰ্বৰ অধিনায়ক বিশান সিং বেডী, পূৰ্বৰ নিৰ্বাচক দিলীপ বলৱণ্ট আদি।