১৪ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰথম জুনিয়ৰ আৰু চুপাৰ মিনি আন্তঃজিলা ৰোলবল প্ৰতিযোগিতা। অসম ৰোলবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগতাখন বোন্দাৰ চপাইদং ৰূপালী জনজাতি সংঘৰ খেল পথাৰত অনুষ্ঠিত হৈছে।

কালি প্ৰথম দিনাৰ খেলত মুঠ ১৪ খন মেচ অনুষ্ঠিত হয়। ইয়াৰে ১৭ বছৰ অনূৰ্ধ্ব ল’ৰাৰ শাখাত গুৱাহাটীয়ে দুলীয়াজানক ৪-৩ গ’লত আৰু কামৰূপ (এম)ক ৭-০ গ’লত পৰাস্ত কৰি লীগৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে ছোৱালী শাখাত প্ৰাগজ্যোতিষপুৰে নলবাৰীক ৬-০ গ’লত আৰু কামৰূপ (এম)ক ৭-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি লীগত অগ্ৰগতি লৈ আছে।