Tuesday, October 4, 2022
HomeNewsদুলীয়াজানত দুদিনীয়া তৃণমূল ফুটবল উৎসৱত ভাগ ল’লে ১৭ খন স্কুলৰ ৩০০ ছাত্ৰ-ছাত্ৰীয়ে

দুলীয়াজানত দুদিনীয়া তৃণমূল ফুটবল উৎসৱত ভাগ ল’লে ১৭ খন স্কুলৰ ৩০০ ছাত্ৰ-ছাত্ৰীয়ে

দুলীয়াজানত দুদিনীয়া তৃণমূল ফুটবল উৎসৱত ভাগ ল’লে ১৭ খন স্কুলৰ ৩০০ ছাত্ৰ-ছাত্ৰীয়ে

অলিম্পিয়া প্ৰতিবেদন: দুলীয়াজানৰ চলা কটকী খেলপথাৰত যোৱা শুকুৰ আৰু শনিবাৰে দুদিনীয়াকৈ আয়োজন কৰা হয় তৃণমূল ফুটবল উৎসৱ ৷ এই উৎসৱত অংশগ্ৰহণ কৰিলে অঞ্চলটোৰ ১৭ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে এই দুদিনীয়া ফুটবল উৎসৱত মুখৰিত কৰি তুলিলে চলা কটকী খেলপথাৰ ৷ আয়োজকৰ হৈ প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ ৰমেশ ফুকন আৰু ভৱেন চাংমায়ে এই উৎসৱ সফল কৰি তোলাৰ বাবে সকলোধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিলে ৷ ছাত্ৰৰ সমানে ছাত্ৰীসকলেও উৎসাহেৰে এই উৎসৱত অংশগ্ৰহণ কৰিলে ৷

এই ফুটবল উৎসৱত কোনো প্ৰতিযোগিতা হোৱা নাছিল ৷ কণ কণ ছাত্ৰ-ছাত্ৰীক ফুটবল খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ বাবে এনে এক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ চতুৰ্থ বৰ্ষৰ বাবে এই ফুটবল উৎসৱ আয়োজন কৰা হয় ৷ কৰোণা মহামাৰীৰ বাবে দুটা বছৰ বন্ধ থকাৰ পিছত চলিত বৰ্ষত গ্ৰহণ কৰা এই কাৰ্যসূচীত কণ কণ ফুটবল শিকাৰুসকলে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে ৷

অইল ইণ্ডিয়া, দুলীয়াজানৰ পৃষ্ঠপোষকতাত আয়োজিত এই ফুটবল উৎসৱত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈকে ধৰি অইল ইণ্ডিয়াৰ বিষয়ববীয়া, অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি আৰু প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ ভূপেন গগৈকে ধৰি বহু প্ৰাক্তন ফুটবলাৰ উপস্থিত থাকে ৷
চতুৰ্থ বাৰ্ষিক এই তৃণমূল ফুটবল উৎসৱৰ উদ্যোক্তা ভৱেন চাংমায়ে জানিবলৈ দিয়া মতে অংশগ্ৰহণকাৰী ১৭ খন স্কুলৰ প্ৰতিখনকে মানপত্ৰ, ট্ৰফী আৰু দুটাকৈ ফুটবল বিতৰণ কৰা হয় ৷ তদুপৰি এই উৎসৱত ভাগ লোৱা ৩০০ ছাত্ৰ-ছাত্ৰীক একোটাকৈ ট্ৰফী প্ৰদান কৰা হয় ৷

মূলতঃ ফুটবল খেলক তৃণমূল পৰ্যায়ত প্ৰসাৰ আৰু প্ৰচাৰ কৰা উদ্দেশ্য এই উৎসৱ অনুষ্ঠিত কৰি অহা হৈছে ৷ এই উৎসৱৰ দ্বাৰা নিশ্চিতভাবে কিছু প্ৰতিভাবান খেলুৱৈ আৱিষ্কাৰ কৰাত সহায় কৰিব যদিও খেলুৱৈ এজনৰ উত্তৰণৰ বাবে এজন সুদক্ষ প্ৰশিক্ষকৰ আৱশ্যকতা নুই কৰিব নোৱাৰি ৷

উল্লেখযোগ্য যে উৎসৱত অংশ লোৱা স্কুলবোৰৰ মাজত মাহত এবাৰকৈ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এনেধৰণৰ প্ৰতিযোগিতাৰ যোগেদি ভৱিষ্যতে প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হ’ব বুলি আয়োজক ৰমেশ ফুকনে আশা প্ৰকাশ কৰিছে ৷ এনেধৰণৰ তৃণমূল ফুটবল উৎসৱ ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰিব পাৰিলে ভৱিষ্যতে অসমৰ ফুটবল ক্ষেত্ৰখন যে অধিক শক্তিশালী হৈ উঠিব তাত কোনো সন্দেহ নাই ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments