Friday, September 30, 2022
HomeNews'দুলীয়াজানত ফুটবল প্ৰশিক্ষকৰ পাঠ্যক্ৰম

‘দুলীয়াজানত ফুটবল প্ৰশিক্ষকৰ পাঠ্যক্ৰম

অলিম্পিয়া প্ৰতিবেদন

অইল ইণ্ডিয়া লিমিটেড’ৰ “চি. এচ. আৰ.” আঁচনি ‘অইল লক্ষ্য’ উদ্যোগত আৰু ‘অসম ফুটবল সন্থা’ৰ সহযোগত অহা ২৬ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ দুলীয়াজান নেহেৰু ময়দানত “এ. আই. এফ. এফ.” ‘চি’ চাৰ্টিফিকেট কৰ্চ পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব । ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেও আৰু শিৱসাগৰ জিলাৰ ‘অইল অধ্যুষিত’ আৰু ‘গ্ৰাম্য অঞ্চল’ৰ ২৪ জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব লগীয়া বিনামূলীয়া উক্ত চাৰি দিনীয়া কৰ্চটোত মুখ্য ইনষ্ট্ৰাক্টৰ হিচাপে মণিপুৰৰ ‘গ্যান ময়ন’ আৰু সহযোগী ইনষ্ট্ৰাক্টৰ হিচাপে থাকিব গোৱাৰ সূৰ্য প্ৰকাশ ‌। উক্ত কৰ্চৰ যোগেদি প্ৰশিক্ষকসকলে বিশেষকৈ তৃণমূল পৰ্যায়ৰ খেলুৱৈসকলক সঠিক ভাবে পৰিচালিত কৰা উপৰি তেওঁলোকক উৎকৃষ্ট মানৰ প্ৰশিক্ষণ দিয়াৰ পদ্ধতি প্ৰণালী সমূহ আয়ত্ব কৰিবলৈ সক্ষম হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments