Monday, July 4, 2022
HomeNewsদুৰ্ঘটনাগ্ৰস্ত ৰ'নাল্ডোৰ ১৬ কোটি টকীয়া বিলাসী বাহন

দুৰ্ঘটনাগ্ৰস্ত ৰ’নাল্ডোৰ ১৬ কোটি টকীয়া বিলাসী বাহন

দুৰ্ঘটনাগ্ৰস্ত ৰ’নাল্ডোৰ ১৬ কোটি টকীয়া বিলাসী বাহন

অলিম্পিয়া প্ৰতিবেদন: দুৰ্ঘটনাত পতিত ১৬ কোটি টকীয়া এখন বিলাসী বাহন । ইয়াৰ পাছতে সমগ্ৰ বিশ্বজুৰি চৰ্চা দুৰ্ঘনাগ্ৰস্ত ছুপাৰ কাৰ খনক লৈ । ইয়াৰ কাৰণ– বিলাসী বাহনখনৰ গৰাকী বিশ্বৰ এগৰাকী ফুটবল মহাতাৰকাৰ ।

চূৰ্ণ বিচূৰ্ণ হ’ল- ১৬ কোটি টকীয়া বাহন । প্ৰকৃততে এই বাহনখনৰ গৰাকী ফুটবল বিশ্বৰ চাঞ্চল্য ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ । স্পেইনত দুৰ্ঘনাগ্ৰস্ত হয় তাৰকা ফুটবলাৰজনৰ বিলাসী ছুপাৰ কাৰখন । স্পেইনৰ স্থানীয় সময় অনুসৰি মংগলবাৰে দিনৰ প্ৰায় ১১ বজাত দুৰ্ঘটনা সংঘটিত হয় । বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

আৰু অধিক পঢ়ক

আন্তঃৰাষ্ট্ৰীয় খবৰ অনুসৰি, পৰ্টুগীজ ফুটবলাৰজন অৱসৰ বিনোদনৰ বাবে স্পেইনলৈ গৈছিল । দুৰ্ঘটনাটো ৰণাল্ডোৰ দ্বাৰা সংঘটিত হোৱা নাই । তেওঁৰ দেহৰক্ষীৰ দ্বাৰাহে এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছে । নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে এটা ঘৰত খুন্দা মাৰে । অৱশ্যে ইয়াৰ ফলত বাহনত থকা কোনো এজন ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা নাই ।তথাপি ৰণাল্ডোৰ ছুপাৰ কাৰখনৰ সমুখ ভাগ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে ।

বিশ্ব ফুটবল অনুৰাগীৰ বাবে সুখৰ খবৰটো এয়া যে, দুৰ্ঘটনা সংঘটিত হোৱা ফুটবলাৰজন বাহনত নাছিল । ১০ দিনৰ বাবে পত্নী আৰু সন্তানৰ সৈতে স্পেইনলৈ যোৱা ৰণাল্ডো এতিয়া কুশলে আছে । ইয়াৰ পাছতে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে বিশ্বৰ ফুটবল অনুৰাগীয়ে ।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২১ নবেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ । ৰণাল্ডোৰ দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্বৰ কোটি কোটি জনতা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments