Friday, September 30, 2022
HomeNewsদেওবাৰে এছিয়া কাপৰ ফাইনেলত পাকিস্তান-শ্ৰীলংকা

দেওবাৰে এছিয়া কাপৰ ফাইনেলত পাকিস্তান-শ্ৰীলংকা

দেওবাৰে এছিয়া কাপৰ ফাইনেলত পাকিস্তান-শ্ৰীলংকা

অলিম্পিয়া প্ৰতিবেদন: সমাগত এছিয়া কাপৰ ফাইনেল । সমুখ সমৰত শ্ৰীলংকা বনাম পাকিস্তান । ফাইনেলৰ পূৰ্বে ছুপাৰ ফ’ৰৰ অন্তিম খেলত শ্ৰীলংকাৰ হাতত পৰাভূত বাবৰ বাহিনী ।

দেওবাৰে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এছিয়া কাপৰ ফাইনেলত মুখামুখি হ’ব শ্ৰীলংকা বনাম পাকিস্তান । ইয়াৰ পূৰ্বে দুয়োটা দল অৱতীৰ্ণ হ’ল ছুপাৰ ফ’ৰৰ অন্তিম মেচত । এই মেচত পাকিস্তান দলক ৫ উইকেটত হৰুৱাই নিজৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰিলে শ্ৰীলংকাই ।।

প্ৰথমে বেটি কৰি ১৯ অভাৰ ১ টা বলত পাকিস্তানে সংগ্ৰহ কৰিলে ১২১ ৰাণ । পাকিস্তানৰ হৈ অধিনায়ক বাবক আজমে সৰ্বাধিক ৩০ ৰাণৰ বৰঙণি আগবঢ়ায় । শ্ৰীলংকাৰ দুৰ্দান্ত বলিঙত অলআউট হয় পাক দল । শ্ৰীলংকাৰ হৈ ৱানিন্দু হাচাৰাঙ্গাই ৩ টা, অফস্পীনাৰ মহিশ তিক্ষণাই ২ টা আৰু ধনঞ্জয়া ডি চিলভাই লাভ কৰে ১ টা উইকেট ।

১২২ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল শ্ৰীলংকা । পাথুম নিচানকাৰ অৰ্ধশতেকেৰে শ্ৰীলংকাক জয়ৰ মুখলৈ লৈ গ’ল । নিচানকাই ৪৮ টা বলত ৫৫ টা ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । তেওঁৰ ইনিংছটোত আছিল ৫ টা বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰী । ইফালে ভানুকা ৰাজপাক্ষেৰ ২৪ ৰাণে দলটোক অগ্ৰগতি প্ৰদান কৰিলে । ৫ টা উইকেট হেৰুৱাই ১৭ অভাৰতেই জয়ৰ লক্ষ্যত উপনীত হ’ল শ্ৰীলংকা । ফলত এছিয়া কাপৰ অন্তিমখন ছুপাৰ ফ’ৰত পাকিস্তান ধৰাশায়ী হ’ল শ্ৰীংলকাৰ হাতত ।

এতিয়া আপেক্ষা মাথোন দেওবাৰৰ বিয়লিলৈ । কোনে পিন্ধিব এছিয়া কাপত চেম্পিয়নৰ খিতাপ ? শ্ৰী লংকা নে পাকিস্তান ? ইয়াকে লৈ উৎকন্ঠিত বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments