Thursday, July 7, 2022
HomeNewsদেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাত নিহাদ ইছলাম হাজৰিকা বিজয়ী

দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাত নিহাদ ইছলাম হাজৰিকা বিজয়ী

দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাত নিহাদ ইছলাম হাজৰিকা বিজয়ী

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা (ত্ৰয়োদশ সংস্কৰণ)ত নিহাদ ইছলাম হাজৰিকাই ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে । নলীনাক্ষ কাশ্যপে ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । প্ৰকাশ নাথ, জগজিত সিনহা আৰু শুভাংগ প্ৰাণ কাশ্যপেও সমসংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰে ।

আৰু অধিক পঢ়ক

অনূৰ্দ্ধ ৭ বছৰ শাখাত ধান্যতা গোস্বামীয়ে ৩ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে । দিৱ্যাংশ দেবেও ৩ পইণ্ট সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান অধিকাৰ কৰে । প্ৰহৰ্ষ চৌধুৰীয়ে এইটো শাখাত ২ পইণ্ট সংগ্ৰহ কৰি তৄতীয় স্থানত থাকে ।

অনূৰ্দ্ধ ৯ বছৰ শাখাত অগ্নিজ বৰাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । হৃয়ান কৌশিক ঠাকুৰীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে । নীহাৰ দাসেও ৩ পইণ্ট সংগ্ৰহ কৰে যদিও টাই-ব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অনূৰ্দ্ধ ১১ বছৰ শাখাত স্বপ্নীল কৰে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । নিভৃতি গোস্বামী আৰু শ্বৌনক ভৌমিকে ৩ পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ।
অনূৰ্দ্ধ ১৩ বছৰ শাখাত শিৱম দত্তই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । চুহান পতিয়েও ৪ পইণ্ট সংগ্ৰহ কৰে টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান অধিকাৰ কৰে । প্ৰত্যুষ পাঠকে ৩.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে ।

চিৰঞ্জীব গোস্বামীয়ে অনূৰ্দ্ধ ১৫ বছৰ শাখাত ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে । জীয়ন জ্যোতিষ্মান শইকীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে ।b প্ৰতিযোগিতা খনত ৬ জন আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটেড খেলুৱৈসহ মুঠ ৪১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য পৰিচালক হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল । প্ৰতিযোগিতা খন আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাদেমীৰ চৌহদত অনুষ্ঠিত হৈছিল । প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ছয় ৰাউণ্ডৰ বাবে অনুষ্ঠিত হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments