অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটী দবা একাডেমীয়ে ১৫ মে, দেওবাৰে আৰ জি বৰুৱা পথত অৱষ্ঠিত একাডেমী চৌহদত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা (ত্ৰয়োদশ সংস্কৰণ) আয়োজন কৰিছে । প্ৰতিযোগিতাখন ১৫ মে’, দেওবাৰে ১০ বজাত আৰম্ভ হ’ব আৰু সেইদিনাই বিয়লি ৪ বজাত বঁটা বিতৰণী অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখনত সৰ্বাধিক ৪০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব । প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈসকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হ’ব । ইয়াৰ বাহিৰেও অনূৰ্দ্ধ ৭ বছৰ, অনূৰ্দ্ধ ৯ বছৰ, অনূৰ্দ্ধ ১১ বছৰ, অনূৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰ বয়সৰ প্ৰথম তিনিটা স্থান অধিকাৰ কৰা খেলুৱৈসকলক পদক প্ৰদান কৰা হ’ব । প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ছয় ৰাউণ্ডৰ বাবে অনুষ্ঠিত হ’ব । এজন খেলুৱৈয়ে এখন খেলৰ বাবে সৰ্বাধিক ২০ মিনিট সময় পাব ।
ইচ্ছুক খেলুৱৈসকলে যোগদানৰ আৰু বিতং খবৰৰ বাবে ৮৪০২০২০০৭৩ নম্বৰত গুৱাহাটী দবা একাদেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ লগত যোগাযোগ কৰিব পাৰে ।