Friday, September 30, 2022
HomeNewsদেশজুৰি ৩ হেজাৰ ছোৱালী বক্সাৰৰ মাণ্ডলিক প্ৰতিযোগিতাৰ প্ৰস্তুতি বি এফ আইৰ

দেশজুৰি ৩ হেজাৰ ছোৱালী বক্সাৰৰ মাণ্ডলিক প্ৰতিযোগিতাৰ প্ৰস্তুতি বি এফ আইৰ

দেশজুৰি ৩ হেজাৰ ছোৱালী বক্সাৰৰ মাণ্ডলিক প্ৰতিযোগিতাৰ প্ৰস্তুতি বি এফ আইৰ

অলিম্পিয়া প্ৰতিবেদন: দেশত প্ৰায় ৩ হেজাৰ সম্ভাৱনাময় ছোৱালী বক্সাৰৰ অংশগ্ৰহণেৰে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া চমুকৈ বি অফ আইয়ে এক আঁচনি প্ৰস্তুত কৰিছে ৷ দেশজুৰি নতুন প্ৰতিভাৰ সন্ধানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ সহযোগত পাঁচটা মুকলি মাণ্ডলিক বক্সিং প্ৰতিযোগিতা চলিত মাহতে আৰম্ভ হ’ব ৷

জুনিয়ৰ ছোৱালী আৰু য়ুুথ মহিলা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ তৃণমুল পৰ্যায়ৰ এই প্ৰতিযোগিতা খেলো ইণ্ডিয়া পূৱ মণ্ডল মাণ্ডলিক বক্সিং চেম্পিয়নশ্বিপৰ যোগেদি আৰম্ভ হ’ব ৷ অহা ১৫ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ছাই কেন্দ্ৰত পূব মণ্ডল ছোৱালীৰ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ জুনিয়ৰ শাখাত দেশজুৰি ১৪০০ আৰু য়ুথ শাখাত ১৬০০ বক্সাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

চাৰিটা মণ্ডলৰ বক্সিং টুৰ্ণমেণ্ট সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছত একেলগে অ’পেন মাণ্ডলিক নকআউট বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বি এফ আইৰ সম্পাদকপ্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাই এই সম্পৰ্কে কয়, ‘আমাৰ মুল লক্ষ্য হ’ল জুনিয়ৰ আৰু য়ুথ পৰ্যায়ত নতুন প্ৰতিভাৰ সন্ধান কৰা ৷ এনেধৰণৰ মুকলি প্ৰতিযোগিতাই প্ৰতিভাৱান খেলুৱৈক এখন মঞ্চ দিয়াই কেৱল নহয় তেওঁলোকে পোনে পোনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব ৷

পূব আৰু দক্ষিণ মণ্ডলত প্ৰায় ৭০০ কৈ বক্সাৰ তথা পশ্চিম আৰু উত্তৰ মণ্ডলত ৮০০ কৈ বক্সাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ জুনিয়ৰ ছোৱালী শাখাত ১৩ টা ওজন গোটৰ ৫২ টা পদক আৰু ১২ টা ওজন গোটৰ য়ুথ মহিলা শাখাত ৪৮ টা পদক থাকিব ৷ এই বৃহৎ প্ৰতিযোগিতাখনত ২৮ খন প্ৰদেশ আৰু ৮ খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বক্সাৰে অংশগ্ৰহণ কৰিব ৷ অহা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত গুৱাহাটীত ৪ টা মাণ্ডলিক প্ৰতিযোগিতাৰ প্ৰথমটো মণ্ডলৰ আনুষ্ঠানিক ড্ৰ অনুষ্ঠিত হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments