Friday, September 30, 2022
HomeNewsদেশৰ মাটিত সকলো মেচৰ নতুন স্পনছৰ লাভ বি চি চি আইৰ

দেশৰ মাটিত সকলো মেচৰ নতুন স্পনছৰ লাভ বি চি চি আইৰ

দেশৰ মাটিত সকলো মেচৰ নতুন স্পনছৰ লাভ বি চি চি আইৰ

অলিম্পিয়া প্ৰতিবেদন:

ভাৰতৰ মাটিত অনুষ্ঠিত সকলো ক্ৰিকেট টুৰ্ণামেণ্টৰ টাইটেল স্পনছৰ হ’ব মাষ্টাৰকাৰ্ড ৷ সোমবাৰে এই কথা প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চুমকৈ বি চি চি আই-এ ৷ দেশৰ মাটিত অনুষ্ঠিত সকলো আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেট মেচৰ নতুন টাইটেল স্পনছৰ মাষ্টাৰকাৰ্ডৰ সৈতে বি চি চি আই-এ চুক্তি কৰিছে ৷ বিশেষকৈ পুৰুষ আৰু মহিলাৰ ভাৰতৰ মাটিত হ’ব লগা সকলো আন্তঃৰাষ্ট্ৰীয় মেচৰ লগতে ৰঞ্জি ট্ৰফী, ইৰাণী কাপ, দলীপ ট্ৰফীৰ দৰে ঘৰুৱা ক্ৰিকেট টুৰ্ণমেণ্টৰো টাইটেল স্পনছৰ হিচাপে থাকিব মাষ্টৰকাৰ্ড ৷ ইয়াৰ লগতে বিভিন্ন বয়স গোটৰ টুৰ্ণামেণ্টো এই চুক্তিয়ে সামৰি লৈছে ৷

ইয়াৰ পূৰ্বে টেনিছৰ অষ্ট্ৰেলিয়া অ’পেন বা ফৰাছী অ’পেন দৰে গ্ৰেণ্ডশ্লামৰ টাইটেল স্পনছৰ হিচাপে আছিল মাষ্টাৰকাৰ্ড ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱ, গ্ৰেমী বঁটা প্ৰদানৰ দৰে বৃহৎ মঞ্চতো এই সংস্থাটো টাইটেল স্পনছৰ আছিল ৷ এই চুক্তি কৰাৰ প্ৰসংগত আনন্দ প্ৰকাশ কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে ৷ সাংবাদিকৰ আগত তেওঁ কয়, ‘‘২০২২-২৩ ছিজনৰ বাবে ভাৰতত হ’বলগীয়া সকলোবোৰ ক্ৰিকেট মেচৰ বাবে মাষ্টাৰকাৰ্ডক টাইটেল স্পনছৰ হিচাপে অভিনন্দন জনাইছো ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সমান্তৰালভাৱে ভাৰতৰ ঘৰুৱা ক্ৰিকেটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কাৰণ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ আৰম্ভণী ইয়াতে হয় ৷ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ প্ৰজন্ম তৈয়াৰ কৰাৰ ক্ষেত্ৰত মাষ্টাৰকাৰ্ডে সাহায্য কৰিব ৷’’

ইফালে ব্যক্তিগতভাৱে মাষ্টাৰকাৰ্ডৰ সৈতে চুক্তিত আৱদ্ধ আছে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ নতুন চুক্তি সম্পৰ্কত ধোনীয়ে কয়, ‘‘ক্ৰিকেটেই মোৰ জীৱন ৷ জীৱনত যি পাইছো সকলো ক্ৰিকেটৰ বাবেই৷ ভাৰতীয় ক্ৰিকেট বৰ্ডে দেশৰ মাটিত আয়োজন কৰা সকলো মেচ মাষ্টাৰকাৰ্ডে স্পনছৰ কৰিব বুলি জানি আনন্দিত হৈছো ৷ বিশেষকৈ ঘৰুৱা, জুনিয়ৰ আৰু মহিলাৰ ক্ৰিকেট ইয়াৰ পৰা উপকৃত হ’ব ৷ বৰ্তমান যি সকলে ৰঞ্জি বা জুনিয়ৰ পৰ্যায়ত খেলি আছে তেওঁলোকে ভৱিষ্যতে দেশৰ হৈ খেলিব আৰু ১৩০ কোটি ভাৰতবাসীক গৌৰৱৰ মূহুৰ্ত উপহাৰ দিব ৷ অহা এবছৰত ভাৰতে নিজ দেশত অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে এলানি শৃংখলা খেলিব ৷ ইয়াৰ লগতে আছে অজস্ৰ ঘৰুৱা ক্ৰিকেট মেচ ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments