ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন এদিনীয়াত বিজয় সাব্যস্ত কৰি ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হল ভাৰতীয় মহিলা দলটো। টছত জয়লাভ কৰি ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু দক্ষিণ আফ্ৰিকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই।
আলহী দলটোৱে প্ৰথমে বেট ধৰি ৪১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ লাৰা গৌডালে সৰ্বাধিক ৪৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ ফাষ্ট বলাৰ ঝুলন গোস্বামীয়ে ১০ অভাৰত ৪২ ৰান খৰছ কৰি সৰ্বাধিক ৪ টা উইেকট দখল কৰে।
নিৰ্ধাৰিত লক্ষ্য আগতলৈ খেল পথাৰত নামি ভাৰতীয় দলটোৱে এটা উইকেট হেৰুৱাই মাত্ৰ ২৮.৪ অভাৰতে লক্ষ্যস্থানত উপনীত হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৮০ আৰু পুনম ৰাউটে ৮২ ৰানৰ অপৰাজিত অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়।