দ্বিতীয় সংখ্যক পুৰণি ভেৰগাঁ‌ও দিবা-নৈশ ফুটবল চেম্পিয়নশ্বিপৰ শুভাৰম্ভণি

গৌতম জ্যোতি তালুকদাৰৰ প্ৰতিবেদন

বিটিআৰ ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত পুৰণি ভেৰগাঁ‌ও জনতা সংঘৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় সংখ্যক দিবা- নৈশ ফুটবল চেম্পিয়নশ্বিপৰ দেওবাৰে শুভাৰম্ভণি হয়। পুৰণি ভেৰগাঁ‌ও গাঁ‌ৱৰ চাঁ‌ৰিজনকৈ সমাজ সেৱকৰ স্মৃতিত জনতা সংঘই অনুষ্ঠিত কৰা উক্ত খেল ৩১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। কালি অনুষ্ঠিত নিশা খাগ্ৰাবাৰী ফুটবল ক্লাব আৰু গোৰেশ্বৰ ফুটবল ক্লাবৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হয়।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে শুভ উদ্ধোধন কৰা দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে, টংলা দাপোন দ্যা মিৰোৰৰ প্ৰতিষ্ঠাপক তথা বলিউদ চিনেমা জগতৰ অভিনেতা পবিত্ৰ ৰাভা, অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা , অসম ফুটবল সন্থাৰ উপ-সভাপতি লক্ষ্মীৰাম বড়োসহ কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাৰ লগতে ভেৰগাঁ‌ও আঞ্চলিক আৰছুৰ সভাপতি জীৱন ৰাভা সহ কেইবাগৰাকীও গন্যমান্য ব্যক্তি উপস্থিত আছিল।

খাগ্ৰাবাৰী ফুটবল ক্লাব আৰু গোৰেশ্বৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত গোৰেশ্বৰ ফুটবল ক্লাবে খেল জিৰণিৰ পূৰ্বে ১ গ’ল দি জয়ী হোৱাৰ আপ্ৰাণ প্ৰচেষ্টা চলাই যদিও জিৰণিৰ পিছত খাগ্ৰাবাৰী ফুটবল ক্লাবে গোৰেশ্বৰ ফুটবল ক্লাবক গ’ল পৰিশোধ কৰাত খেলখন ড্ৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *