Tuesday, October 4, 2022
HomeNewsক্ৰীড়া ইতিহাসত ২২ জুন:'দ্য হেণ্ড অৱ গড': ভগৱানৰ হাত অথবা চয়তানৰ মগজু!!

ক্ৰীড়া ইতিহাসত ২২ জুন:’দ্য হেণ্ড অৱ গড’: ভগৱানৰ হাত অথবা চয়তানৰ মগজু!!

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ


বিশ্ব ক্ৰীড়া ইতিহাসত আজিৰ দিনটোৰ এক বিশেষ তাৎপৰ্য আছে। আজি দিনটোতেই মাৰড’নাৰ বিখ্যাত দ্য হেণ্ড অৱ গড’ ঘটনাৰ সূত্ৰপাত হৈছিল। আহকচোন সেই বিশেষ ঘটনাৰ সবিশেষ জানো।

‘দ্য হেণ্ড অৱ গড’। বিশ্বৰ ক্ৰীড়া ইতিহাসৰ কুখ্যাতেই বুলিব নে সুখ্যাত বুলিয়েই অভিহিত কৰিব এই ‘দ্য হেণ্ড অৱ গড’ ঘটনাটোক। তাতো বহুতৰে মত পাৰ্থ্যক। নজনাসকলক কৈ থওঁ কি এই ‘হেণ্ড অৱ গড’। আর্জেন্টিনাৰ কিম্বদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাই দিয়া এটা বিখ্যাত অথবা কুখ্যাত গ’লক জনা যায় দ্য হেণ্ড অৱ গড নামেৰে। কিয়নো মাৰাডোনাই এই গ’লটো দিয়াৰ পৰত কাৰো দৃষ্টিগোচৰ হোৱা নাছিল যে গ’লটো প্ৰকৃততে মাৰাডোনাৰ হাত স্পৰ্শ কৰিহে প্ৰতিপক্ষৰ গ’লপোষ্টত আঘাত কৰিছিলগৈ। তাৰ ফলত এক নিশ্চিত ৰঙা কাৰ্ডৰ পৰা মাৰাডোনা ৰক্ষা পোৱাই নহয়, গ’লটোৱে মান্যতাও লাভ কৰিছিল। যাৰ সহায়ত মেচখনত আর্জেন্টিনাই বিজয় সাব্যস্ত কৰিছিল।

সেয়া আছিল ১৯৮৬ ৰ বিশ্বকাপ ফুটবলৰ কথা। মেক্সিকোত অনুষ্ঠিত হৈছিল সেইবাৰৰ বিশ্বকাপ। জুনৰ ২২ তাৰিখে এখন গুৰুত্বপূৰ্ণ মেচত মুখামুখি হৈছিল আর্জেন্টিনা আৰু ইংলেণ্ড। বিশালকায় আজটেকা ষ্টেডিয়ামত দৰ্শক আছিল প্ৰায় ১ লাখ ১৫ হাজাৰ। ৰৌদ্ৰোজ্বল এটা দিন আছিল। ফুটবলপ্ৰেমীৰ উৎসাহৰ ছন্দত সমগ্ৰ ষ্টেডিয়াম গুঞ্জৰিত হৈ উঠিছিল। মেচখনৰ প্ৰথম অৰ্ধ পাৰ হৈছিল নিৰসভাৱে। কোনো উৎকণ্ঠাৰ এক পৰিবেশ সৃষ্টি কৰিব পৰা নাছিল দুই দলৰ খেলুৱৈয়ে। প্ৰথম অৰ্ধৰ অন্তত স্ক’ৰ আছিল 0-0।

গ’লমুখী মাৰাডোনাক টেৰী বাটচাৰে ৰখাবলৈ চেষ্টা কৰাৰ মুহূৰ্তত

দ্বিতীয়াৰ্ধৰ খেল প্ৰথম অৱস্থাৰ পৰাই উত্তেজনাপূৰ্ণ আছিল। প্ৰথমৰ পৰাই মাৰডোনা আছিল আক্ৰমণাত্মক। দ্বিতীয়াৰ্ধৰ ছয় মিনিটত বলটো এপাকত আহি মাৰাডোনাৰ ভৰি স্পৰ্শ কৰিছিলহি। সোঁভৰিৰে সামান্য স্পৰ্শ কৰি মাৰাডোনাই বলটো ঠেলি দিছিল সতীৰ্থ জৰ্জ ভেলডানক। ভেলডানেই ইংলিছ প্ৰতিৰক্ষা বিভাগক অতিক্ৰম কৰি বলটো আগবঢ়াই নিবলৈ চেষ্টা চলাইছিল। জৰ্জ সন্মুখীন হৈছিল ইংলেণ্ডৰ ডিফেণ্ডাৰ ষ্টিভ হজৰ। ষ্টিভে বলটো পেনাল্টি বক্সৰ পৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা চলাই যদিও বিফল হয়। পেনাল্টি বক্সৰ ইটো মূৰত মাৰাডোনাই আশা কৰা মতেই বলটো আহি পাইছিল। মাৰাডোনা এইবাৰ বলটোৰ সৈতে নিজে আগবাঢ়ি গৈছিল। সন্মুখত আছিল মকৰাডোনাতকৈ ২০ চেমি ওখ ইংলেণ্ডৰ গ’লৰক্ষক পিটাৰ ছিলটন। পিটাৰে বলটো পাঞ্চ কৰি গ’লপোষ্টৰ বিপদ আঁতৰাবলৈ আগবাঢ়ি আহিল যদিও ইতিমধ্যে মাৰাডোনাও গৈ বলটোৰ কাষ পাইছিল। আৰু বলটোৱে মাটি স্পৰ্শ কৰাৰ আগতেই মাৰাডোনাই বাওঁহাতেৰে তুলি ধৰি এটা সুতীব্র হেডাৰৰ সহায়েৰে ইংলেণ্ডৰ গ’লপোষ্টত আঘাত কৰিছিল। ক্ষন্তেক সময় তভক মাৰি মাৰাডডোনা ৰৈছিল ৰেফাৰীৰ হুইছেলৰ বাবে। লগৰবোৰক কৈ উঠিছিল, ‘আনন্দ কৰা, মোক সাৱটি ধৰি শুভেচ্ছা জনোৱা, ন’হলে ৰেফাৰীয়ে গ’ল ঘোষণা নকৰিব।’ আৰু কিছু মুহূৰ্তৰ পিছত ৰেফাৰীয়ে সেইটো গ’ল ঘোষণা কৰিছিল। উল্লাসত ফাটি পৰিছিল মাৰাডোনা।

হেণ্ড অৱ গড’ৰ সেই বিখ্যাত মুহূৰ্ত

ইংলেণ্ডৰ খেলুৱৈসকলে বিৰোধ কৰিছিল ৰেফাৰী Ali Bennacear ৰ ওচৰত গৈ। ৰেফাৰীয়ে এইবাৰ দ্বিতীয় লাইনমেনৰ সহায় লৈ গ’লটো বৈধ ঘোষণা কৰিলে। মেচখনত আর্জেন্টিনাই ২-০ গ’লত বিজয় সাব্যস্ত কৰে। মেচখনৰ শেষত মাৰাডোনাই সেই গ’ল সম্পৰ্কে উল্লেখ কৰি কয় যে, A little with Maradona’s hand and a little with the hand of God’। উল্লেখযোগ্য যে সেইবাৰ বিশ্বকাপো আর্জেন্টিনাই দখল কৰে। সেইবাৰ গ’ল্ডেন বলৰ সন্মানো লাভ কৰে লাভ কৰে মাৰাডডোনাই।

এজন ফাটোগ্ৰাফাৰৰ দৃষ্টিৰে দ্য হেণ্ড অৱ গড:

এজন মেক্সিকান ফাটোগ্ৰাফাৰ সেই মেচখনৰ ফটো সংগ্ৰহৰ কামত নিয়োজিত আছিল। Alejandro Ojeda Carbajal নামৰ ফাটোগ্ৰাফাৰজনে সেই ঘটনাৰ কথা স্মৰণ কৰি এটা সাক্ষাৎকাৰত কয় যে ‘ মই যিটো কথা সেই সময়ত ক’ব পৰা নাছিলো এতিয়া এই কথা মুকলিকৈ ক’ব পাৰো। সেই মেচখনৰ সেই বিখ্যাত গ’লটো আছিল হেণ্ড অৱ গডৰ। অৱশ্যে সেই খন হাত কোনো ভগৱানৰ নাছিল। হাতখন ডিয়েগো মাৰাডোনাৰেই আছিল।’ মেচখন খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰা ফটো সাংবাদিকজনৰ সেই কথাই সেই সময়ত ক্ৰীড়াবিশ্বত খলকনিৰ সৃষ্টি কৰে।

History is already written

এনে নহয় যে মাৰাডোনাই তেওঁৰ সেই ভুল স্বীকাৰ কৰি লোৱা নাই। ২০০৫ চনত মাৰাডডোনাই সেই বিতৰ্কিত গ’লটো যে তেওঁ হাতেৰেই দিয়া গ’ল আছিল সেই কথা স্বীকাৰ কৰিছিল La Noche del নামৰ এটা অনুষ্ঠানত।

২০০৮ চনত দ্য চান নামৰ বাতৰি কাকতখনত প্ৰকাশ পোৱা এটা প্ৰবন্ধত উল্লেখ উল্লেখ আছিল যে মাৰাডনাই এবাৰ ইংলেণ্ড ভ্ৰমণ কালত তেওঁৰ সেই বিখ্যাত হেণ্ড অৱ গড ঘটনাৰ বাবে ক্ষমাও খুজিছিল। প্ৰবন্ধটোত উল্লেখ আছিল এইধৰনে , ‘ If I could go back and change history I would’। অৱশ্যে পিছত এই কথা অস্বীকাৰ কৰি মাৰাডোনাই কয় যে কাকতখনে তেওঁৰ কথাৰ ভুল বাখ্যা আগবঢ়াইছে।

ফকলেণ্ড ৱাৰ আৰু এণ্ড ছিম্বলিক ৰিভেঞ্জ:

এই হেণ্ড অৱ গড ঘটনাটোৰ সৈতে আনকি এখন যুদ্ধৰ কথাও সাঙুৰ খাই পৰে যেতিয়া খোদ মাৰাডোনাই সেই বিষয়ে উল্লেখ কৰে। ২০১৯ চনত এখন ডকুমেণ্টৰী ছবিত মাৰাডোনাই ১৯৮৬ ৰ বিখ্যাত সেই ‘হেণ্ড অৱ গড’ ঘটনাটোক ‘ফকলেণ্ড ৱাৰ’ৰ সৈতে সাঙোৰে। এই ফকলেণ্ড ৱাৰ হৈছে আর্জেন্টিনা আৰু ইংলেণ্ডৰ মাজত হোৱা এখন আঘোষিত যুদ্ধ। ১৯৮২ চনত হোৱা এই যুদ্ধ দুয়োখন দেশৰ মাজত প্ৰায় ৭২ দিন ধৰি চলিছিল। আর্জেন্টিনাই ইংলেণ্ডৰ সীমান্তৱৰ্তী দুটা অঞ্চল নিজৰ দখললৈ অনাৰ ফলতেই এই যুদ্ধ সংঘটিত হৈছিল। যুদ্ধখনত ইংলেণ্ডৰ হাতত আর্জেন্টিনা পৰাস্ত হৈছিল। ২০১৪ চনত মাৰাডডোনাই এই যুদ্ধৰ সৈতে সেই বিখ্যাত গ’লটোক সামৰি কয় যে,’ আমি আৰ্জেন্টাইন সকলে সেই সময়ত জনা নাছিলো যে প্ৰকৃততে কি হৈ আছিল। আমি শুনিছিলোঁ যে যুদ্ধত আমি জিকিছো। কিন্তু প্ৰকৃততে ইংলেণ্ড জিকিছিল।ফুববলৰ ভাষাত ক’লে জিকিছিল ২০-০ ব্যৱধানত। কথাবোৰ সহজ নাছিল। ইংলেণ্ডৰ বিপক্ষে বিশ্বকাপৰ সেই খেলত ভাগ লোৱাৰ পৰত এনে লাগিছিল যেন আমি দ্বিতীয় এখন যুদ্ধতহে নামি পৰিছো। গ’লটো হোৱাৰ পৰত মই জানিছিলোঁ যে বলটোৱে মোৰ হাত স্পৰ্শ কৰিছিল । অৱশ্যে মোৰ তেনে কোনো উদ্দেশ্য নাছিল। ঘটনাটো ইমান তড়িৎ গতিত ঘটিছিল যে ৰেফাৰী, লাইনমেন কোনেও আচল কথাটো গম পোৱা নাছিল। ৰেফাৰীয়ে মোলৈ লক্ষ্য কৰি কৈ উঠিছিল, গ’ল’। সেয়া আছিল এক বিশেষ অনুভৱ আৰু আছিল ইংলেণ্ডৰ বিৰুদ্ধে লোৱাএক প্ৰতীকী প্ৰতিশোধ।’

এইদৰেই দেখা যায় মাৰাডোনাই বহু সময়ত স্বীকাৰ কৰিছে যে কিদৰে সেই গ’লটো প্ৰকৃততে গ’ল নাছিল। সেয়া ৰেফাৰীৰ এটা ভুল আছিল। কোনো কোনোৱে শতিকাৰ শ্ৰেষ্ঠ গ’ল আখ্যা দিয়া গ’লটো আচলতে এটা অপৰাধ আছিল। সঠিক সময়ত সেই অপৰাধ ধৰা পৰাহেতেন ১৯৮৬ৰ বিশ্বকাপৰ ইতিহাস উলট পালট হ’লহঁতেতেন। অৱশ্যে এতিয়া তেনে কথাৰ কোনো ভিত্তি নাই। ইতিহাসে সেই গ’লক মনত ৰাখিব বিচাৰে ‘হেণ্ড অৱ গড’ হিচাপেহে। মাৰাডোনাই ভুল কৰা নাছিল, ভুল কৰিছিল ভগৱানেহে। হাতখন আছিল ভগৱানৰ। এনেদৰেই ইতিহাসে মনত পেলাব সেই বিখ্যাত গ’লক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments