Wednesday, August 10, 2022
HomeNewsদৰ্শকৰ হৰ্ষ ধ্বনিত মুখৰিত প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা

দৰ্শকৰ হৰ্ষ ধ্বনিত মুখৰিত প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা

দৰ্শকৰ হৰ্ষ ধ্বনিত মুখৰিত প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: প্ৰফেচনেল ফাইটাৰৰ সমাবেশত জীপাল গুৱাহাটীৰ বটানি । দৰ্শকৰ হৰ্ষ ধ্বনিত মুখৰিত প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা । ১২ গৰাকী বছা বছা প্ৰফেচনেল ফাইটাৰে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ‌।

শুক্ৰবাৰে গুৱাহাটীৰ বটানিত ডব্লিউ এফ চিয়ে আয়োজন কৰিলে প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা । অসমৰ উপৰি মেঘালয়, চিকিম আৰু ত্রিপুৰাৰ খেলুৱৈৰ বক্সিং পাঞ্চত ৰঙীণ হ’ল বটানি । ১২ গৰাকী প্ৰফেচনেল ফাইটাৰৰ মাজৰ পৰা জিলিকিল ছয় গৰাকী প্ৰফেচনেল ফাইটাৰ । তেওঁলোক হ’ল— অসমৰ জানো কন্ধ, কৌশিক দেৱনাথ, পদ্ম বড়ো, মনিষা মহন্ত, মেঘালয়ৰ বাবিত খাৰকানুজ আৰু ত্রিপুৰাৰ নৰমা দেৱ বৰ্মা ।

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত ডব্লিউ এফ চি টীমৰ ৰাহুল শেখে খেলুৱৈক জনালে শুভেচ্ছা । এনে প্ৰফেচনেল প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ খেলুৱৈয়ে ফাইটিঙৰ এক সুন্দৰ মঞ্চ লাভ কৰিব বুলি আশাবাদী তেওঁ ।

যোৰহাটৰ চিনামৰাৰ পৰা অহা জানোৱে ফাইটিঙত হৰুৱালে অভিজিৎ ত্রিপুৰাক । এই গৰাকী ৭ বাৰৰ নেচনেল চেম্পিয়ন উদ্যোক্তা ডব্লিউ এফ চিৰ কাম কাজক লৈ সুখী ।

মহিলাৰ ফাইটিঙত ত্রিপুৰাৰ জীয়ৰী নৰমা দেৱ বৰ্মাই আঁজুৰি আনিলে শ্ৰেষ্ঠত্ব । ফাইটিঙৰ মৈদানত বজ্ৰমুঠিৰে নৰমাই দিলে উচিত প্ৰত্যুত্তৰ । জয়ী হৈ সুখী নৰমা দেৱ বৰ্মা । মেঘালয়ৰ সন্তান বাবিত খাৰকানুজ ফাইটিঙত নমাৰ লগে লগে সমৰ্থকৰ হৰ্ষ উল্লাস ।

ফাইটিং গ্ৰাউণ্ডত জনপ্ৰিয় ফাইটাৰ গৰাকীৰ দুৰ্দান্ত ক্ৰীড়া শৈলীত মুগ্ধ দৰ্শক । জয়ী হোৱাৰ পাছত খাৰকানুজক কান্ধত উঠাই সমৰ্থকৰ আনন্দ । সৰ্মথক সকলে চী চাৰ্টত “বাবিত ” ৰ নাম লিখি দিলে চাৰপ্ৰাইজ । এই কৃতকাৰ্য্যতাৰ আঁৰৰ ব্যক্তি হিচাপে পিতৃক হিৰো বুলি অভিহিত কৰিলে বাবিত খাৰকানুজে

এই প্ৰফেচনেল কিক বক্সিং প্ৰতিযোগিতা সাফল্যমণ্ডিত হৈ উঠাত আনন্দিত হৈ পৰিছে ডব্লিউ এফ চিৰ ফাউণ্ডাৰ তথা উদ্যোক্তা বিশাল তালুকদাৰ । আগন্তুক দিনত এইদৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জনালে তেওঁ ।ক্ৰীড়া অনুৰাগীৰ আশা —- অসমত প্ৰফেচনেল কিক বক্সিঙে লাভ কৰক অনন্য এক মাত্রা । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই যাওক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰফেচনেল ফাইটাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments