Wednesday, October 5, 2022
HomeNewsধূসৰ হৈ পৰিছে আই পি এল ত্ৰয়োদশ সংস্কৰণৰ ভৱিষ্যত! ফ্ৰেঞ্চাইজি আৰু ব'ৰ্ডৰ...

ধূসৰ হৈ পৰিছে আই পি এল ত্ৰয়োদশ সংস্কৰণৰ ভৱিষ্যত! ফ্ৰেঞ্চাইজি আৰু ব’ৰ্ডৰ মাজত আৰম্ভ হৈছে বিবাদ

অলিম্পিয়াৰ প্ৰতিবেদন

ক্ৰমান্বয়ে জটিলতাৰ দিশে আগুৱাইছে আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ। আই পি এলৰ CSK ৰ কেইবাজনো সদস্য কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দলটোৰ অন্যান্য সদস্যসকলৰ লগতে অন্যান্য দলবোৰো। ইফালে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই ডুবাইৰ পৰা ভাৰতলৈ উভতি আহিল CSK ৰ তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা। আই পি এল আৰম্ভ নহ‌ওতেই স্বদেশলৈ উভতি অহা ৰাইনাকলৈ সমালোচনাও আৰম্ভ হৈছে। ইয়াৰ পিছতে দলটোৰ আন এজন সদস্য হৰভজন সিঙেও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা নকৰাকলৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

সকলো ঠিকেই থাকিলে কালিলৈ হৰভজন ডুবাই অভিমুখে যোৱাৰ কথা। পিছে সূত্ৰ অনুসৰি ডুবাই ভ্ৰমণ কৰাকলৈ চিন্তিত হৈ পৰিছে হৰভজন। আনহাতে CSK ৰ অষ্ট্ৰেলিয়াৰ বলাৰ Josh Hazelwood য়েও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা-নকৰাকলৈ চিন্তিত হৈ আছে।

ইফালে আই পি এলৰ প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে ব’ৰ্ডৰ পৰা ক্ষতিপূৰণ দাবী উত্থাপন কৰিছে। প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে ব’ৰ্ডৰ পৰা ৪৬ কোটি কৈ ক্ষতিপূৰণ দাবী কৰি কয় যে, তেওঁলোকৰ সেই পৰিমাণৰ ধন লোকচান হৈছে। পিছে বি চি চি আইৰ ফালৰ পৰা এই ক্ষতিপূৰণ দিয়া নহয় বুলি স্পষ্ট কৰিদিয়া হৈছে। যাৰ বাবে এতিয়া প্ৰতিযোগিতাখনক লৈ এক ধূসৰ পৰিবেশৰ সৃষ্টি হৈছে।

ব’ৰ্ডৰ ফালৰ পৰা কোৱা হৈছে, ফ্ৰেঞ্চাইজিয়ে ব’ৰ্ডৰ পৰা ক্ষতিপূৰণ দাবী কৰাটো মুৰ্খামীৰ কথা। যদি প্ৰতিযোগিতাখন অনুষ্ঠিত নহয়, তেনে তেওঁলোকে একো নাপায়। প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বিভিন্ন এজেঞ্চিক ধন কোনে দি আছে?মেচ অপাৰেচনৰ খৰচ কোনে বহন কৰিছে? ফ্ৰেঞ্চাইজিয়ে হেছা প্ৰয়োগ কৰিলেই ধন লাভ নকৰে। তেওঁলোকে কি ধন ঘটা নাই? প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে প্ৰায় ১৫০ কোটি টকা ইনকাম কৰিব। তেওঁলোকৰ এই দাবী উচিত নহয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments