Friday, September 30, 2022
HomeNewsধেমাজি জিলা ভাৰোত্তোলনত বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ শ্ৰেষ্ঠ দল

ধেমাজি জিলা ভাৰোত্তোলনত বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ শ্ৰেষ্ঠ দল

ধেমাজি জিলা ভাৰোত্তোলনত বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ শ্ৰেষ্ঠ দল

অলিম্পিয়া স্পৰ্টছৰ হৈ অসীম দত্তৰ প্ৰতিবেদন

যোৱা ১১ ছেপ্টেম্বৰ, ৰবিবাৰে ৰূপনাথ ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয় ২৭ সংখ্যক ধেমাজি জিলা ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ২৭ সংখ্যক ধেমাজি জিলা ভাৰোত্তোলন প্ৰতিযোগিতা ২০২২ ৰ জিলা ভাৰোত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি পদ্ম কুমাৰ বৰ গোহাঁয়ে । ধেমাজি বালি গাওঁ ভাৰোত্তোলন সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি বিপুল শইকীয়া সোনোৱালে । স্মৃতি তৰ্পণ অনুস্থানত স্মৃতি তপক হিচাবে ৰূপনাথ ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লেখামোহন দিহিঙ্গীয়া উপস্থিত থাকে । বৃক্ষ ৰোপণ অনুস্থানত বৃক্ষ ৰোপক হিচাবে উপস্থিত থাকে ধেমাজি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস বাঘ্ৰী । প্ৰতিযোগিতা উদ্বোধন কৰে ধেমাজি পৌৰ সভাৰ পৌৰপতি দ্বীপৰেখা দাস বাঘ্ৰী । প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হোৱাৰ পাছত আবেলি ৬ বজাত ধেমাজি জিলা ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ কছাৰীয়ে আঁতধৰা বঁটা প্ৰদান অনুষ্ঠিত উপস্থিত থাকে ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক যতীন বুঢ়াগোহাঁই, ধেমাজিৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজসেৱী উমেশ খাণ্ডুলীয়া আৰু পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙ্গীয়া । পুৰুষৰ শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰে ধেমাজি বালি গাওঁ ভাৰোত্তোলন সংঘৰ ৰিতুপন নৰহে । মহিলাৰ শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘৰ পঞ্চমী সোনোৱালে । শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ‌ই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments