ক্ৰিকেট বিশেষজ্ঞসকলে এতিয়া মহেন্দ্ৰ সিং ধোনিৰ লগত তুলনা কৰে ঋষভ পণ্টক। অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছৰে পৰা ঋষভ পণ্ট সংবাদ শিৰোনামত থকাৰ লগতে অনুৰাগীৰ প্ৰিয় হৈ পৰিছে। নিজৰ প্ৰতিভা আৰু উন্নত প্ৰদৰ্শনৰ বলত ঋষভ এতিয়া সকলোৰে নয়নৰ মণি। একালত ভাৰতীয় দলত মহেন্দ্ৰ সিং ধোনিক স্থান দি ভাৰতীয় ক্ৰিকেটলৈ সোণালী দিনৰ আমদানি কৰা অধিনায়ক সৌৰভ গাংগুলীও এতিয়া ঋষভ পণ্টৰ প্ৰশংসাত পঞ্চমুখ। কেৱল ঋষভক প্ৰশংসা কৰাই নহয় গাংগুলীয়ে ঋষভক তুলনা কৰিলে ধোনিৰ লগত।
ঋষভ পণ্ট যি সময়ত ভাৰতীয় দললৈ আহিছিল সেই সময়ত মহেন্দ্ৰ সিং ধোনিয়ে ভাৰতীয় দলৰ হৈ এদিনীয়া আৰু টি-২০ খেলি আছিল। প্ৰথম অৱস্থাত এদিনীয়া আৰু টি-২০ ত বিফল হোৱা ঋষভ পণ্ট ঈৰ্ষনীয়ভাৱে সফল হৈ পৰিছে টেষ্ট ক্ৰিকেটত। যাৰ বাবে গাংগুলীয়ে পণ্টক ধোনিৰ লগত তুলনা কৰিছে। গাংগুলীৰ মতে ঋষভ পণ্ট ধোনিৰ দৰেই।
ঋষভ পণ্টে অষ্ট্ৰেলিয়া ভ্ৰমণৰ কালচোৱাত উন্নত প্ৰদৰ্শন কৰি ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা টেষ্টৰ বাবে নিজৰ স্থান সুৰক্ষিত কৰি তুলিছিল। অষ্ট্ৰেলিয়াৰ পিছত ঘৰুৱা মাটিত ইংলেণ্ডৰ বিৰুদ্ধে দেখুওৱা প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য কৰি বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে কয়, পণ্ট প্ৰায় ধোনিৰ দৰে খেলুৱৈ।তেওঁ মেচ বিজয়ী খেলুৱৈ। তেওঁ বিপক্ষৰ টীমৰ পৰা মেচ কাঢ়ি আনিব পাৰে। তেওঁ অবিস্মৰণীয় শ্বট খেলিব পাৰে। পণ্টে নিজৰ দলৰ মেচ জয় কৰিব পাৰে। সেয়া টেষ্টেই হওক বা এদিনীয়াই হওক বা টি-২০ য়েই হওক। তেওঁ মিনিটতে মেচৰ গতি সলনি কৰিব পাৰে।