Tuesday, October 4, 2022
HomeNewsধোনিৰ সফলতাৰ মন্ত্ৰ কি?

ধোনিৰ সফলতাৰ মন্ত্ৰ কি?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতেই ধোনিক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে। চৰ্চালৈ আহিছে ধোনিৰ স্বভাৱসুলভ cool হৈ থকাৰ আঁৰৰ কাৰণ।সকলোৱে জানিবলৈ বিচাৰে কি শক্তিৰ বলত সকলো পৰিস্থিতিৰ সৈতে সহজেই মুখামুখি হবলৈ সক্ষম হয় ধোনি? এই প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আপোনালোকলৈ। এক ইণ্টাৰভিউত ধোনিয়ে তেওঁৰ সফলতাৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ বহু কথাই কৈছিল। যিবোৰ কথাক অনুসৰণ কৰিলে সাধাৰণ মানুহবোৰো সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ হয়তো সক্ষম হ’ব ।

✍️ তুষাৰ প্ৰতিম

কেপ্তেইন কুল ধোনিৰ সফলতাৰ আঁৰত বাৰু কি আছে? এনে কি বিশেষ ক্ষমতাই তেওঁক সকলো সময়তে স্থিৰ কৰি ৰাখে?এনে কি মন্ত্ৰ আছে যাৰ জড়িয়তে এটাৰ পিছত এটা খিতাপ দখল কৰাৰ উপৰিও নিজকে মহান ক্ৰীড়া বিদলৈ উন্নিত কৰিবলৈ সক্ষম হৈছে?ক্ৰিকেট বহুতেই খেলিছে কিন্তু সকলো জানোঁ মহেন্দ্ৰ সিং ধোনি হ’বলৈ সক্ষম হৈছে!

আজি আমি জানিবলৈ চেষ্টা কৰিম মহেন্দ্ৰ সিং ধোনিৰ সফলতাৰ মন্ত্ৰ। যি মন্ত্ৰ‌ই সকলো শ্ৰেণীৰ ব্যক্তিকে সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ নিশ্চয়কৈ সহায় কৰিব।

আপুনি যদি ভাবিছে ধোনিৰ সমস্যা নাই সেয়ে কুল হৈ থাকে তেনে ভুল ভাবিছে। সাধাৰণ নাগৰিকৰ দৰে ধোনিৰো সমস্যা বহু আছে। এক ইণ্টাৰভিউত ধোনিয়ে কৈছে, “মোৰো সাধাৰণ নাগৰিকৰ দৰে সমস্যা আছে, অশান্তিও হয়, যেতিয়া সকলো নিজৰ পক্ষত নাথাকে। কিন্তু মই সদায়েই চিন্তা কৰোঁ যে এই নিৰাশা আমাৰ দলৰ বাবে ভাল নে? এনেকুৱা পৰিস্থিতিত চিন্তা কৰোঁ যে আচলতে কি কৰিব লাগে।

ধোনিৰ সফলতাৰ আঁৰৰ মন্ত্ৰ কবলৈ গৈ ধোনিয়ে কৈছে, ভুল যাৰে তাৰে হ’ব পাৰে… কোনো নিৰ্দিষ্ট এজনৰো হ’ব পাৰে… গোটেই দলটোৰে ভুল হ’ব পাৰে যে আমাৰ যি পৰিকল্পনা আছিল সেই অনুসৰি হৈ নুঠিব পাৰে। এনেকুৱাত চিন্তা কৰিবলৈ চেষ্টা কৰোঁ এতিয়া ভাল কি হ’ব পাৰে। নিৰাশা, অশান্তি, খং, হতাশা…ইয়াৰ কোনো গঠনাত্মকতা নাই।

সেইবাবে ম‌ই নিজকে বুজাও যে এইসকলোবোৰ আৱেগৰ ওপৰত সেই কামটো হে যিটো সেই মুহূৰ্তত খেল পথাৰত মই কৰাটো উচিত। এনেকুৱা সময়ত মই চিন্তা কৰোঁ যে মই কোন খেলুৱৈক কি দায়িত্ব দিব লাগে, কেনেকুৱা পৰিকল্পনাত কাম কৰিব লাগে…. এনেকুৱা কৰিলে মই মোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

মই নিজক ইমান ব্যস্ত কৰাই ল‌ও যে আৱেগৰ বস হ’বলগীয়া নহয়। সেয়ে চাগে আপোনালোকে খেল পথাৰত মোক ‘কুল’ অনুভৱ কৰে। মই বিশ্বাস কৰোঁ যে মানুহৰ বিভিন্ন প্ৰকাৰৰ আৱেগ থাকে আৰু ভাৰতীয় সকলটো অলপ বেছিকৈয়ে আৱেগিক হয়। সেইবাবে এইটো ক’লে ভুল হ’ব যে মোৰ মনত আৱেগ নাথাকে।

কিন্তু মই সকলো সময়তে চেষ্টা কৰোঁ, এই আৱেগবোৰক নিয়ন্ত্ৰণ কৰিবলৈ কিয়নো মই ভালকৈয়ে জানোঁ যে আৱেগক কাবো কৰিব পাৰিলেহে বেছি গঠনাত্মক হ’ব পাৰিম।

ইয়াৰ উপৰিও ধোনিয়ে কৈছে যে তেওঁ সুখী হৈ থাকিবলৈ হে ক্ৰিকেট খেলিছিল। পৰবৰ্তী সময়ত হে জীৱনৰ লক্ষ্য কৰি লৈছিল। তেওঁ কৈছে,

ক্ৰিকেট যেতিয়া মোৰ জীৱনলৈ আহিছিল, তেতিয়া মই কেৱল মনোৰঞ্জনৰ বাবে হে খেলিছিলো। মই এইটো কেতিয়াও চিন্তা কৰা নাছিলোঁ যে মই দেশৰ বাবে খেলিম। ম‌ই কেৱল সুখী হ’বলৈ আৰু স্কুলৰ দলৰ বাবে খেলিছিলো। পিছত যেতিয়া তাত ভাল খেলিবলৈ ধৰিলোঁ তেতিয়া আগলৈ চালোঁ… অনূৰ্ধ ১৬ চকুৰ সন্মুখলৈ আহিল… সেয়াও খেলিলো।

পিছত জিলাৰ দলৰ সদস্য হ’লো তেতিয়া আকৌ ৰাজ্যৰ দলৰ সদস্য হ’বলৈ মন গ’ল। লাহে লাহে ভাৰতীয় দলৰ কাষ পালোগৈ। মই সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰিলোঁ আৰু তেনেকৈয়ে ভাৰতীয় দলৰ কাষ চাপিলোগৈ।

মই ভাবোঁ লক্ষ্য যদি সৰু হয় তেনে সেই লক্ষ্যত উপনীত হবলৈ সহজ আৰু আনন্দদায়ক হয়। বৃহৎ লক্ষ্য‌ই সকলোকে আমনি দিয়ে। ক্ৰিকেটক মই জীৱনৰ সমকক্ষ বুলি ভাবোঁ। য’ত কোনো নিশ্চিত নহয় আৰু অলপ luck প্ৰয়োজন হয়। কিমান আচৰিত এটা মুদ্ৰা ওপৰলৈ যোৱাৰ পৰা এখন ক্ৰিকেট মেচ আৰম্ভ হয় যি যিকোনো পক্ষৰ ফালে পৰিব পাৰে।

ধোনিয়ে আকৌ কৈছে,

অপেনাৰৰ বাবে প্ৰথমটো বলৰ পৰাই অনিশ্চিয়তা আৰম্ভ হয়। তৃতীয় নং স্থানৰ বেটছমেন দ্বিতীয় অভাৰত খেল পথাৰলৈ আহিব পাৰে বা ২৫ অভাৰটো আহিব পাৰে। মোৰ ক্ষেত্ৰত মই ভাবোঁ অনিশ্চিয়তা কিছু কম আছিল। কিয়নো ভাৰতীয় পৰিয়ালৰ সকলোতকৈ বৃহৎ চিন্তা মই দূৰ কৰি আহিছিলোঁ।

ৰেলৱেৰ চাকৰিৰ পিছত মোৰ পৰিয়াল নিশ্চিত আছিল যে ক্ৰিকেটত একো নহলে ইটো কৰিব‌ই। কিন্তু ইয়াৰ প্ৰয়োজনেই নহ’ল। মই প্ৰত্যেকটো ক্ৰোটিক স্বীকাৰ কৰি গ’লো। মই নিজৰ মাজতে সত্য আছিলোঁ। যেতিয়ালৈকে আপুনি নিজৰ ওপৰত সত্য হৈ নাথাকিব, বেলেগৰ ওচৰত কেনেকৈ সত্য বুলি প্ৰতিষ্ঠিত হ’ব!

নিজৰ ওচৰত সত্য হৈ থাকিলে নিজৰ অক্ষমতা স্বীকাৰ কৰিবলৈ কষ্ট নহয়। যদিও আপুনি ভাল খেলুৱৈ নহয়, ভাল মানুহ নহয় কিন্তু অক্ষমতাক স্বীকাৰ কৰে তেন্তে সেইবোৰ দূৰ কৰিবলৈ চেষ্টা সত্যভাৱেই কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় বিচাৰিব, চিনিয়ৰ বা বন্ধুৰ পৰাও সহায় বিচাৰিব।

মই এনেকুৱাই কৰিলোঁ আৰু আগবাঢ়ি গ’লো। কষ্ট, ভাগ্য, সমৰ্পন… সকলো নিজৰ ঠাইত ঠিকেই আছে কিন্তু মই ভাবোঁ নিজৰ ওচৰত সৎ হৈ থকাটো সকলোতকৈ গুৰুত্বপূৰ্ণ। যদি মূল ৰূপত আপুনি সৎ নহয় তেনে আপুনি নিজেই বিষয়বোৰক জটিল কৰি তুলিব। সচাঁ কথা কবলৈ হ’লে সৎ আছিলোঁ বাবেই মই এনে এক স্থানত উপনীত হ’লো যাৰ কল্পনা মোৰ নিজৰেই নাছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments