Monday, October 3, 2022
HomeNewsধোনি আৰু ৰোহিত শৰ্মাৰ অনুৰাগীৰ মাজত মাৰপিট : সেহৱাগে ক'লে কিছুমান অনুৰাগী...

ধোনি আৰু ৰোহিত শৰ্মাৰ অনুৰাগীৰ মাজত মাৰপিট : সেহৱাগে ক’লে কিছুমান অনুৰাগী বেলেগ লেভেলৰ পাগল হয়

তুষাৰ প্ৰতিম

কি নহয় এইখন দেশত! এইবাৰ দুজন ভাৰতীয় ক্ৰিকেটাৰৰ বাবে মাৰপিটত লিপ্ত হ’ল দুটা দল। ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কৌলহাপুৰ জিলাত।

ঘটনা অনুসৰি ১৫ আগষ্টত ধোনিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলে গোটেই চহৰত প’ষ্টাৰবনাই বিভিন্ন দেৱালত লগাই দিয়াৰ উপৰিও বেনাৰ লগাইছিল। ইয়াৰ পিছতে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে ৰোহিত শৰ্মাৰ নাম খেল ৰত্নৰ বাবে চূড়ান্ত কৰাত তেওঁৰ অনুৰাগী সকলেও জিলাখনৰ বিভিন্ন স্থানত প’ষ্টাৰ আৰু বেনাৰ লগাই আনন্দ উল্লাখ কৰে।

ইয়াৰ পিছতে কোনো দুষ্টলোকে ৰোহিত শৰ্মাৰ অনুৰাগীয়ে লগোৱা প’ষ্টাৰ আৰু বেনাৰ কিছু কিছু ঠাইত ফালি পেলাই। ইয়াৰ পিছতে ৰোহিতৰ অনুৰাগী আৰু ধোনিৰ অনুৰাগীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এটা সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই সংঘৰ্ষ‌ই মুহুৰ্তৰ ভিতৰতে গুৰুত্বৰ ৰূপ ধাৰণ কৰে। এবিপি লাইভৰ সংবাদ অনুসৰি ঘটনাক কেন্দ্ৰ কৰি এগৰাকী ৰোহিত অনুৰাগী কিশোৰে ধোনিৰ অনুৰাগীক উদ্দেশ্য কৰি গাদি গালাজ কৰাক পিছতে সংঘৰ্ষ ভয়ানক হৈ পৰে।

গালি গালাজ কৰা ৰোহিতৰ অনুৰাগীক ধোনিৰ অনুৰাগীয়ে ধৰি বান্ধি লৈ গৈ কুঁহিয়াৰ খেতিৰ মাজত মাৰপিট কৰে আৰু ক্ৰমাৎ দুয়ো দলৰ মাজত সংঘৰ্ষ বৃদ্ধি পায়।

এইদৰে একেখন দেশৰ একেটা ক্ৰীড়াৰ লগত জড়িত দুগৰাকী খেলুৱৈক লৈ সৃষ্টি হোৱা সংঘৰ্ষ‌ৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে টুইটাৰত এনে সংঘৰ্ষত লিপ্ত নহবলৈ আহ্বান জনাইছে।

তেওঁ লিখিছে, কি কৰিছ পাগলহঁত।খেলুৱৈয়ে নিজৰ মাজত নিজৰ কামক লৈ ব্যস্ত থাকে আৰু বেছি কথাও নাপাতে। ইয়াৰ উপৰিও তেওঁ কৈছে, কিছুমান অনুৰাগী বেলেগ লেভেলৰ পাগল হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments