Wednesday, October 5, 2022
HomeNewsধোনি কেতিয়া আহিব খেল পথাৰলৈ? ৰবি শাস্ত্ৰীয়ে ক'লে অৱসৰ ল'ব ধোনিয়ে

ধোনি কেতিয়া আহিব খেল পথাৰলৈ? ৰবি শাস্ত্ৰীয়ে ক’লে অৱসৰ ল’ব ধোনিয়ে

অৱশেষত দীঘলীয়া প্ৰতীক্ষাৰ অন্ত পৰিল। অতি সোনকালেই খেল পথাৰত দেখিবলৈ পোৱা যাব ধোনিক। ইতিমধ্যে কেতিয়া ধোনি খেল পথাৰলৈ আহিব সেয়াও নিশ্চিত হৈছে। অনুৰাগীৰ দীৰ্ঘদীনিয়া প্ৰতীক্ষাৰ অন্ত পেলাই ধোনিয়ে ঘোষনা কৰিলে খেল পথাৰলৈ আগমণৰ কথা।

ক্ৰিকেট বিশ্বকাপৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আতৰি থকা ধোনিয়ে কেতিয়া খেল পথাৰলৈ প্ৰত্যাবৰ্তন কৰিব তাকে লৈ অনুৰাগীৰ মাজত চৰ্চা হোৱাৰ উপৰিও ধোনিৰ অৱসৰৰ কথাও সংবাদ মাধ্যমত চৰ্চা চলিছিল।

অৱশেষ সকলো জলপনা কলপনা ওৰ পলাই ধোনিয়ে ঘোষনা কৰিলে তেওঁৰ ক্ৰিকেটৰ পথাৰলৈ ঘুৰি অহাৰ কথা। আই পি এলত অংশগ্ৰহণ কৰাৰ পূৰ্বে ১ মাৰ্চৰ পৰা ধোনিক দেখিবলৈ পোৱা যাব খেল পথাৰত। আৰম্ভ কৰিব অনুশীলন।

ইফালে ধোনিৰ অৱসৰৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে। সংবাদ মাধ্যমত চৰ্চা চলা অনুসৰি ধোনিয়ে আই পি এলতেই অৱসৰ ঘোষণা কৰিব।

ভাৰতৰ জাতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ধোনিৰ অৱসৰৰ বিষয়ত মন্তব্য প্ৰকাশ কৰিছে। “সোনকালেই তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি মাৰিব”– এইদৰে এক সাক্ষাতকাৰত কয় ৰবি শাস্ত্ৰীয়ে।

ইতিমধ্যে প্ৰকাশ পোৱা ভাৰতীয় ক্ৰিকেট দলৰ বছৰেকীয়া চুক্তিৰ পৰাও ধোনিক বাদ দিয়া হৈছে। যাৰ বাবে ধোনিৰ কেৰিয়াৰক লৈ বহুতৰেই মনত প্ৰশ্নৰ উদয় হৈছিল। শেহতীয়াকৈ ৰবি শাস্ত্ৰীয়ে সংবাদ মাধ্যমৰ আদত দিয়া তেওঁৰ সাক্ষাতকাৰত ধোনিৰ অৱসৰৰ কথা কোৱাৰ লগে লগে বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰিছে। তথাপিও ধোনিয়ে ১ মাৰ্চৰ পৰা খল পথাৰত অনুশীলন কৰাৰ খবৰ লাভ কৰাৰ পিছতেই অনুৰাগীসকলৰ মনৰ সংকা কিছু পৰিমানে সাম কাটিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments