Tuesday, October 4, 2022
HomeNewsধ্যানচান্দক ভাৰত ৰত্ন প্ৰদানৰ দাবী : অনুষ্ঠিত হৈ গ'ল এক ভাৰ্চুৱেল আলোচনা...

ধ্যানচান্দক ভাৰত ৰত্ন প্ৰদানৰ দাবী : অনুষ্ঠিত হৈ গ’ল এক ভাৰ্চুৱেল আলোচনা চক্ৰ

অলিম্পিয়াৰ প্ৰতিবেদন

চলিত বৰ্ষৰ ২৯ আগষ্ট তাৰিখে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ ১১৫ সংখ্যক জন্মদিন উদযাপন কৰা হ’ব। এই বিশেষ দিনটোতেই দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে খেলুৱৈসকলক ক্ৰীড়া সন্মান প্ৰদান কৰিব। ইতিমধ্যে বিভিন্ন ক্ৰীড়া সন্মানৰ বাবে চূড়ান্ত তালিকা প্ৰকাশ পাইছে। অৱশ্যে কৰ’না মহামাৰীৰ বাবে এইবাৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত নহয় বঁটা প্ৰদান অনুষ্ঠান। ইয়াৰ পৰিবৰ্তে ভাৰৱচুৱেলী প্ৰদান কৰা হ’ব বিভিন্ন সন্মান।

২৯ আগষ্ট তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ পূৰ্বে এতিয়া দাবী উত্থাপন হৈছে ভাৰত ৰত্নৰ। হয়,একাংশ পূৰ্বৰ হকী খেলুৱৈ, বৰ্তমানৰ হকী খেলুৱৈ আৰু ক্ৰিকেটাৰেও দাবী কৰিছে মেজৰ ধ্যান চান্দক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। ইতিমধ্যে অনুষ্ঠিত হোৱা এক ভাৰ্চুৱেল আলোচনাত গুৰবক্স সিং, হৰবিন্দৰ সিং, অশোক কুমাৰ, যুৱৰাজ বাল্মিকি আদিয়ে এই দাবী উত্থাপন কৰে। এই আলোচনাৰ মূল আধাৰ আছিল বিগত বৰ্ষত পূৰ্বৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা বি চি চিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু আন একাংশ‌ই হকীৰ যাদুকৰ গৰাকীৰ বাবে দাবী কৰা ভাৰত ৰত্ন।

এই আলোচনাতে মেজৰ ধ্যান চান্দৰ প্ৰসংগত বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে।

প্ৰাক্তন হকী খেলুৱৈ তথা অৰ্জুন বঁটা বিজয়ী গুৰবক্স সিঙে ধ্যানচান্দৰ প্ৰসংগত কয়, ধ্যানচান্দ আমাৰ বাবে ভগৱান আছিল। আমি ভাগ্যৱান আছিলোঁ যে তেওঁৰ লগত এমাহ কাল আফ্ৰিকা আৰু ইউৰোপ ভ্ৰমণ কৰিছিলোঁ। তেওঁৰ দৰে ভাল ব্যক্তি বিচাৰি পোৱাটো জটিল। তেওঁ সম্পূৰ্ণ খেলুৱৈ আছিল।

আন‌এগৰাকী খেলুৱৈ হৰিন্দৰ সিঙে কয়, মই দাদাক বহুত সন্মান কৰোঁ। মোৰ ১০০ মিটাৰত সৰ্বশ্ৰেষ্ঠ সময় ১০.৮ চেকেণ্ড আছিল সেয়ে মোৰ কিছু সুবিধা হৈছিল। তেওঁ মোক কৈছিল যে বলটো মোৰ আগত ৰাখিব লাগিব। ইয়াৰ জৰিয়তে আগলৈ লৈ যাবলৈ পাৰিম কিন্তু মই নিজকে নিয়ন্ত্ৰণো কৰিব লাগিব। মই ইয়াক গুৰু মন্ত্ৰ হিচাপে লৈ আগবাঢ়িলোঁ।

আনহাতে ধ্যানচান্দৰ পুত্ৰ তথা অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ অশোক কুমাৰে কয়, তেওঁ মোক আৰু মোৰ জ্যেষ্ঠ ভাতৃক হকী খেলত বাধা দিছিল। আমাৰ পিছত অনুভৱ হৈছিল ইয়াৰ কাৰণ এই খেল বিধৰ বাবে আৰ্থিকভাৱে উৎসাহিত কৰাৰ ব্যৱস্থা কমক লৈ তেওঁ চিন্তিত আছিল।

ইয়াৰ উপৰিও জাৰ্মান লীগত অংশগ্ৰহণ কৰা বাল্মিকিয়ে ধ্যানচান্দৰ প্ৰসংগত কয়, ভাৰতত হকী আৰু মেজৰ ধ্যানচান্দ একেটা পৰ্যায়ৰ। ১০০ বছৰ পিছলৈয়ো এনেদৰেই থাকিব। এয়া মোৰ বাবে আটাইতকৈ গৰ্বৰ কাৰণ। যেতিয়া মই জাৰ্মানীত খেলিছিলো তেতিয়া বিভিন্নজনে আহি মোক কৈছিল মেজৰ ধ্যানচান্দৰ দেশৰ পৰা আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments