অসম খো-খো সন্থাৰ অধীনত নগাঁও জিলা খো-খো সন্থাৰ আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতিখন গঠন কৰা হৈছে। এই উপলক্ষে নগাঁও স্প’ৰ্টছ ক্লাৱ পেভিলিয়নত যোৱা ৪ মাৰ্চৰ বিয়লি চাৰি বজাত অসম খো-খো সন্থাৰ যুটীয়া সম্পাদক ৰবীন দত্তৰ উপস্থিতিত ক্ৰীড়া সংগঠক নাছিৰ উদ্দিন আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এক সভাত প্ৰভাত চন্দ্ৰ বৰাক সভাপতি,নাছিৰ উদ্দিন আহমেদক কাৰ্যকৰী সভাপতি,নীলমনি কাকতি,লৱকান্ত শৰ্মা আৰু শ্যামন্ত দাসক জ্যেষ্ঠ উপ সভাপতি,দিলীপ সিং,দিগন্তৰঞ্জন ৰাজা আৰু কবীন গোস্বামীক উপ সভাপতি,সমীৰ হাজৰিকাক সাধাৰণ সম্পাদক,চিন্ময় বৰাক কোষাধ্যক্ষ,নবীন চন্দ্ৰ বৰা আৰু কণ্ঠিৰাম ৰাজাক যুটীয়া সম্পাদক,নিখিল দাস,দেৱজ্যোতি গোস্বামী,হিৰণ্য গোঁহাই,শৰৎ কাকতি,উপেন্দ্ৰ কুমাৰ ঠাকুৰ,সুধন্য কুমাৰ সেনাপতিক সহকাৰী সম্পাদক,প্ৰনৱ বৰদলৈ,পৱিত্ৰ বৰা,প্ৰশান্ত বৰুৱা,শোণিত কুমাৰ বৰা,দুলেন চন্দ্ৰ দেউৰী,গীতামনি শইকীয়া,ছায়া বৰদলৈক সাংগঠনিক সম্পাদক,বিচিত্ৰ ৰঞ্জন বৰা,ৰীমা শইকীয়া,কবিতা বৰা,বনশ্ৰী বৰা আদিক কাৰ্যকৰী সদস্য,অহিদুজ জামানক টেকনিকেল সমিতিৰ অধ্যক্ষ,ৰবীন্দ্ৰ শ্বাহ,ছফিকুৰ ৰহমান আৰু দেবব্ৰত বৰাক মিডিয়া কোষৰ সদস্যৰূপে লৈ খো-খোৰ নগাঁও জিলাৰ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হৈছে।
আনহাতে ক্ৰীড়া সংগঠক প্লাৱন বৰুৱাক মুখ্য উপদেষ্টা,তপন কুমাৰ দাস,মানসপ্ৰতিম দাস,আলমাছ উদ্দিন আহমেদ হাজৰিকা,মোহন চন্দ্ৰ বৰা,বীৰেন লালুং আৰু চিদানন্দ দিহিঙ্গীয়া আদিক জিলা সন্থাৰ উপদেষ্টাৰূপে ৰখা হৈছে।
উল্লেখ্য যে উক্ত সাধাৰণ সভাত অসম খো-খো সন্থাৰ যুটীয়া সম্পাদক ৰবিন দত্ত পৰ্যবেক্ষকস্বৰূপে উপস্থিত থাকি খো-খো খেলৰ বিভিন্ন দিশত আলোকপাত কৰে। ইয়াৰ উপৰিও সভাখনত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাসো উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
ইফালে উক্ত সভাতে আগন্তুক আন্তঃজিলা ছিনিয়ৰ খো-খো প্ৰতিযোগিতাত নগাঁও জিলা দলৰো অংশগ্ৰহণৰ বাবে সিদ্ধান্ত লোৱা হৈছে।
