নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা
গুৱাহাটীত সদ্যসমাপ্ত অসম ৰাজ্যিক আন্তঃক্লাব টাইকোৱাডো প্ৰতিযোগিতা (ল’ৰা-ছোৱালী) ত নগাঁও টাইকোৱানডো ‘ একাডেমীৰ খেলুৱৈসকলে মুঠ ২৭ টাকৈ পদক প্ৰাপ্তিৰে বিশেষ সফলতা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । নগাঁও টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক চতুৰ্থ ডান ব্লেক বেল্টধাৰী তথা ৰাষ্ট্ৰীয় ৰেফাৰী জয়প্ৰকাশ শৰ্মাই জনোৱা মতে এই প্ৰতিযোগিতাত নগাঁৱৰ অস্মিতা ৰয়, ডিকু হাজৰিকা, অৰ্ণিবান পাল, আয়ুষ কুমাৰ সিং আৰু কংগনা বৰুৱাই সোণৰ পদক লাভ কৰাৰ লগতে মাধুৰ্য শইকীয়া, ৰাইচা ৰহমান, নিয়ৰ জিলমিল জোনাক, কৃষ্টিকানন ভৰালী, ৰেকিবুল হুছেইন, গহন বাবৰ, ময়ুখ মজুমদাৰ, নীল মৈত্ৰয়ন শৰ্মা, ৰাহাট আহমেদ, নীলগ্ৰীৱ ভৰদ্বাজ আৰু নিৰ্বাণ ভৰদ্বাজে ৰূপৰ পদক লাভ কৰিছে । আনহাতে, সুকন্যা দেবী, স্নিগ্ধা ভাস্বতী, হংসিনী শৰ্মা, প্ৰাংশু পাটৱা, নিহাল পাৰভিজ, মিতান্দা মেবহংস কাশ্যপ, কংকনা সাহা, লিনীষা দাস, ৰিজা শ্বাহনাজ, হংসিনী শৰ্মা আৰু শশীন ৰয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । নগাঁও টাইকোৱানডোএকাডেমৰ খেলুৱৈসকলৰ উল্লেখনীয় সফলতাৰ বাবে ক্ৰিয়েশ্বন ক্লাবৰ বিষয়ববীয়া চেনাৰাম হাজৰিকা আৰু সীমান্ত হাজৰিকা আদিৰ লগতে নগঞা ক্ৰীড়াপ্ৰেমীয়ে তেওঁলোকক শুভেচ্ছা জনাইছে ।