Friday, September 30, 2022
HomeNewsনগাঁৱত মুকলি সাঁতোৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন

নগাঁৱত মুকলি সাঁতোৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন

নগাঁৱত মুকলি সাঁতোৰ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন

অলিম্পিয়া প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নগাঁও ছুইমিং পুলত দুদিনীয়াকৈ নগাঁও জিলাভিত্তিত অনুষ্ঠিত মুকলি সাঁতোৰ প্ৰতিযোগিতাৰ বুধবাৰে সন্ধিয়া সফলতাৰে সমাপ্তি ঘটে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক খেলুৱৈয়ে ভাগ লোৱা প্ৰতিযোগিতাখনিৰ বুধবাৰে সন্ধিয়া নগাঁও ক্ৰীড়া সংস্থাৰ সাঁতোৰ শাখাৰ সম্পাদক প্ৰান্তৰ ভট্টাচাৰ্যই আঁত ধৰা সামৰণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যবাহী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেওঁ অনুষ্ঠানত ভাগলৈ নগাঁৱত অত্যাধুনিকৰূপত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হ’বলগীয়া নগাঁও ছুইমিং পুলৰ সম্পৰ্কতো বক্তব্য ৰাখে। সামৰণি অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰশান্ত কুমাৰ বৰা, প্লাৱন বৰুৱা, উজ্বল বৰুৱা, অসীম ভাৱাল, ৰমেশ আগৰৱালা, সমীৰ হাজৰিকা, চিদানন্দ দিহিঙ্গীয়া, গৌৰীশংকৰ ৰয়, নাচিৰউদ্দিন আহমেদ, কুমাৰ কমল কেওঁট, গিৰিমা শইকীয়া, অভিনৱ বৰুৱা আৰু আটাউৰ ৰহমান আদি উপস্থিত থাকে। ল’ৰা আৰু ছোৱালী উভয়ৰে ফ্ৰী-ষ্টাইল,বেষ্ট ষ্ট্ৰ’ক, বেক ষ্ট্ৰ’ক আদি ইভেণ্টৰ ৭বছৰ বয়সৰ উৰ্ধৰ পৰা বিভিন্ন বয়স গ্ৰুপৰ খেলসমূহ হোৱা এই প্ৰতিযোগিতাত ৪০বছৰ বয়সৰ উৰ্ধৰ মুকলি শাখাতো খেল হয়। প্ৰতিযোগিতাৰ ছোৱালী শাখাত অনিকা ছিদ্দিকা আৰু ল’ৰাৰ শাখাত অৰিন্দম শইকীয়া শ্ৰেষ্ঠ খেলুৱৈৰূপে পৰিগণিত হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments