Tuesday, October 4, 2022
HomeNewsনগাঁৱত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু নুৰুল আমিন স্মৃতি দিৱস পালন--

নগাঁৱত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু নুৰুল আমিন স্মৃতি দিৱস পালন–

নগাঁৱত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু নুৰুল আমিন স্মৃতি দিৱস পালন–

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন– হকীৰ যাদুকৰ ধ্যানচাঁদৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু প্ৰয়াত বিশিষ্ট ক্ৰীড়া সংগঠক নুৰুল আমিনৰ স্মৃতি দিৱসটি সোমবাৰে নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত দিনজোৰা কাৰ্যসৃচীৰে পালন কৰা হয়। এই উপলক্ষে সোমবাৰে পুৱা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ পাতনি মেলে।

হকীৰ যাদুকৰ ধানচাঁদ আৰু বৰেণ্য ব্যক্তি নুৰুল আমিনৰ বিষয়ে নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই শ্ৰদ্ধাৰে স্মৰণ কৰি বক্তব্য ৰখাৰ পিছতে ধ্যানচাঁদ আৰু নুৰুল আমিনৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি তৰ্পণ কৰে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁইকে প্ৰমুখ্য কৰি উপ সভাপতিদ্বয় তপন কুমাৰ শৰ্মা, প্ৰশান্ত কুমাৰ বৰা, সাধাৰণ সম্পাদক প্লাৱন বৰুৱা, বিষয়ববীয়া দিলীপ তালুকদাৰ, আমিনুল ইছলিম বক্মী, অ’হিদুজ জামান আৰু প্ৰভাত চন্দ্ৰ বৰা আদিয়ে।

পুৱাবেলা দুলাল আহমেদৰ তত্বাবধানত ফুটবল খেল অনুষ্ঠিত হোৱাৰ পিছত বিয়লি মিছা হকী একাডেমী মহিলা দল বনাম জোঙাল বলহু হকী একাডেমী মহিলা দলৰ মাজত এখনি হকী খেল অনুষ্ঠিত হয়। আকষৰ্ণীয় খেলখনৰ ১৭মিনিটতে অংকিতা ভগতে দিয়া গ’লৰে মিছা হকী একাডেমী দলটো ১-০গ’লত বিজয়ী হয়। এই খেলখনৰ আৰম্ভণিতে বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস, অমিতাভ বৰা, মোহন চন্দ্ৰ বৰা, দিলীপ তালুকদাৰ, কল্যাণী ডেকা, এম দাস আৰু নাচিৰউদ্দিন আহমেদক দুয়ো দলৰ খেলুৱৈসকলৰ সৈতে পৰিচয় কৰি দিয়া হয়। উল্লেখ্য যে, হকী খেলখন পৰিচালনা কৰে আম্পায়াৰদ্বয় বিক্ৰমজিৎ পাল আৰু ৰাতুল আনছাৰীয়ে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰোপৰি, জিলাখনৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান মহাবিদ্যালয়ৰ যুৱ ক্লাবৰ সহযোগত ৰাষ্ট্ৰীয় ক্ৰীড়া উদযাপন কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments