নগাঁৱৰ খালৈগাঁৱত চাইক’মেট্ৰিক যোগ কেন্দ্ৰ মুকলি
নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা: নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাৰ খালৈগাঁৱত অৱস্থিত চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত স্থাপন কৰা চাইক’মেট্ৰিক যোগ কেন্দ্ৰটি শুক্ৰবাৰে খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ।
এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় যোগ ৰেফাৰী, অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা, অসম যোগ সংস্থাৰ যুটীয়া সম্পাদক তথা নগাঁও জিলা খো খো সন্থাৰ সম্পাদক সমীৰ হাজৰিকা, নগাঁও জিলা যোগ সন্থাৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত কৃৰ্তী প্ৰধান শিক্ষয়িত্ৰী লিলি সন্দিকৈ, কাকমাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষ্যজ্যোতি হাজৰিকা, কাকমাৰী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰামানন্দ গোস্বামী, প্ৰধান শিক্ষয়িত্ৰী মীনা মহন্ত, হাতীচোং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নেকিবুৰ ৰহমান আদিয়ে সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তাৰিত আলোকপাতৰে ভাষণ ৰাখে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
যোগ প্ৰশিক্ষক বিমানৰঞ্জন মেধি আৰু ৰুমি হাজৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠা এই যোগ কেন্দ্ৰটোৰ শুভাৰম্ভণি সভাখনি সামগ্ৰিকভাৱে আঁত ধৰি আগবঢ়াই নিয়ে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাজ্ঞল কুমাৰ মহন্তই । বিশিষ্ট কবি কেশৱ বৰা, অৱসৰপ্ৰাপ্ত অভিযন্তা বিষ্ণু বৰা, ৰাষ্ট্ৰীয় যোগ বিচাৰক বিচিত্ৰৰঞ্জন বৰা, সংবাদ কৰ্মী প্ৰিয়ংকা দেৱী, সমাজ সংগঠক মহীন্দ্ৰ মহন্ত, টিকেন মেধি, শিৱপ্ৰসাদ মহন্ত, চন্দ্ৰ শৰ্মা, বকুল মহন্ত, দিপু ডেকা আদিকে ধৰি ভালেসংখ্যক লোকে ভাগ লোৱা সভাখনত ক্ষীৰোদ মহন্তই গীত পৰিবেশনৰে গাম্ভীৰ্যতা প্ৰদান কৰে । উল্লেখ্য যে,খালৈগাঁৱত অঞ্চলবাসী উপকৃত হ’ব পৰাকৈ এই যোগ কেন্দ্ৰটো স্থাপন কৰাৰ বাবে গ্ৰামাঞ্চলটোৰ ৰাইজে উদ্যোক্তাসকলক প্ৰশংসা কৰিছে ।