Monday, July 4, 2022
HomeNewsনগাঁৱৰ চকলাঘাটত জাপান কাৰাটে ড' কুনিবা কাই ইণ্ডিয়া হনব'ৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ...

নগাঁৱৰ চকলাঘাটত জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’ৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

নগাঁৱৰ চকলাঘাটত জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’ৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা: নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটত দুদিনীয়াকৈ চকলাঘাট কাৰাটে একাডেমীৰ সৌজন্যত যোৱা ১৪ আৰু ১৫ মে’ত দুদিনীয়াকৈ ষষ্ঠ সদৌ অসম কুনিবা কাই কাৰাটেৰ ৰাজ্যিক ভিত্তিত উচ্চ পৰ্যায়ৰ এক প্ৰশিক্ষণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয় ।চকলাঘাট ৰাস মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰটোত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’ৰ মুখ্য প্ৰশিক্ষক কিউচি নাৱাল দত্তই ।

আৰু অধিক পঢ়ক

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক কাৰাটেকাই ভাগ লোৱা শিবিৰটোত কাৰাটে‌ ডোৰ কুমিটে আৰু কাটাৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়া হয় । সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতিৰ সম্পাদক তথা ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাই যোৱা ১৪ মে’ত বিয়লি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা শিবিৰটোত মুখ্য প্ৰশিক্ষক নৱাল দত্তৰ লগতে চিহান বিপুল দাস, চেনচেই বিপুল ভড়ালী, চেনচেই পংকজ কুমাৰ মুদৈ, বসন্ত কুমাৰ নাথ, জগত কলিতা, গোপাল শীল আৰু নিত্য কুমাৰ পাটৰে প্ৰশিক্ষণত সহযোগিতা আগবঢ়ায়।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰশিক্ষণৰ শেষত ১৫ মে’ত চকলাঘাট কাৰাটে একাডেমীৰ সভাপতি বিপ্লৱজ্যোতি ডেকা আৰু সম্পাদক তথা চেনচেই পংকজ কুমাৰ মুদৈৰ সামগ্ৰিক পৰিচালনাত কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত কিউচি নৱাল দত্ত, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই মুকলি মত বিনিময় কৰাৰ লগতে সমাজকৰ্মী দিপেন বৰা, ৰিণ্টু শৰ্মা, ভাৰত ভূঞা, ৰিঞ্জুমনি বনিয়া, জোন হাজৰিকা, লক্ষ্যধৰ মেধি আদি উপস্থিত থাকে ।

এই শিবিৰটোতে অনুষ্ঠিত গ্ৰেডিং পৰীক্ষাত পঞ্চম ডান ব্লেকবেল্টধাৰী চেনচেই পংকজ কুমাৰ মুদৈক চিহান উপাধিও প্ৰদান কৰা হয় । ইয়াৰ উপৰি সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’, অসমৰ তৰফৰ পৰা বিভিন্ন শাখাৰ বেল্ট তথা প্ৰশংসাপত্ৰ বিতৰণ কৰা হয় । উল্লেখ্য যে, কিউচি নৱাল দত্তই চকলাঘাটৰ দৰে গ্ৰামাঞ্চলত এনেধৰণৰ ৰাজ্যিকভিত্তিত প্ৰশিক্ষণ শিবিৰ সফলতাৰে আয়োজন কৰা কাৰ্যৰ বাবে স্থানীয় ৰাইজ তথা উদ্যোক্তাসকলৰ ভূয়সী প্ৰশংসা কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments