Thursday, July 7, 2022
HomeNewsনগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ খেলুৱৈৰ সফলতা

নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ খেলুৱৈৰ সফলতা

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা

সোণাপুৰত সদ্যসমাপ্ত ১৮ সংখ্যক সদৌ অসম এমেছাৰ মুৱাইথাই প্ৰতিযোগিতাত নগাঁও জিলাৰ নাইটছ সমৰকলা কেন্দ্ৰৰ মুঠ ২১ জন খেলুৱৈ (ল’ৰা-ছোৱালী)য়ে অংশগ্ৰহণ কৰি ইৰ্ষণীয় সফলতা লাভ কৰিছে ।

দলটোৱে ২১টাকৈ পদক আজুৰি অনাৰ লগতে তৃতীয় শ্ৰেষ্ঠ জিলা দলৰ সন্মানো লাভ কৰিছে । এই কেন্দ্ৰটোৰ অধীনৰ নগাঁও চহৰৰ আমোলাপট্টি শিৱ মন্দিৰত থকা মুখ্য প্ৰশিক্ষণ কেন্দ্ৰটোৰ উপৰি জিলাখনৰ বেবেজীয়া, ৰাইদঙীয়া, ৰূপহী আৰু চামগুৰি শিঙিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ শিক্ষাৰ্থীসকলেও সফলতা লাভ কৰিছে ।

উল্লেখযোগ্য যে,
সোণৰ পদকপ্ৰাপ্ত সমৰকলা খেলুৱৈসকল হ’ল–কৃষ্টিনা গোস্বামী, আফচনা বেগম,
ৰাইহানুৰ ৰহমান, চণ্ডীম কাশ্যপ শইকীয়া, নূপুৰ বৰা আৰু বন্তি দাস ।

ৰূপৰ পদক প্ৰাপ্তসকল– হেপ্পী দাস, মুকলেচুৰ ৰহমান, ক্ৰিমলী বৰা আৰু অনামিকা ডেকা ।

আনহাতে, ব্ৰঞ্জৰ পদক প্ৰাপ্তসকল হৈছে– কমল বৰা, ববিতা ৰবিদাস, দৃষ্টিতা বৰা, হিমাংশু তামুলী, জ্ঞানশ্ৰী বৰা, বৰ্ণিষা ভূঞা, ৰণ্টু বৰা, চিন্ময় আকাশ বৰা, জ্যোতিষ্মান বৰা, চিন্ময় বৰা আৰু ৰিকবুল ইছলাম ।

নাইটছ সমৰকলা কেন্দ্ৰৰ মুখ্য প্রশিক্ষক মিন্টু গোস্বামীকে ধৰি বেবেজীয়া আৰু ৰাইদঙীয়াৰ প্রশিক্ষক মৃণাল মহন্ত, চামগুৰি শিঙিয়াৰ প্রশিক্ষক কমল বৰা, ৰূপহীৰ প্রশিক্ষক হীৰক দাস, জাজৰিৰ প্রশিক্ষক আফচনা বেগম, নগাঁও নাইটছ সমৰকলা কেন্দ্ৰৰ সভাপতি তথা নগাঁও মুৱাই থাই সন্থাৰ মুখ্য উপদেষ্টা পৰাণ কৃষ্ণ ভূঞা বৰা আৰু নগাঁও জিলাত মুৱাইথাইৰ প্ৰচাৰক – সংগঠক দেবাশীষ লস্কৰে এই প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱলৈসকলক আৰু মধ্য প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্রীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত খেলুৱৈকেইগৰাকীকো শুভেচ্ছা জনাইছে । ইপিনে, জিলাখনৰ সমৰকলাৰ খেলুৱৈসকলৰ এই সফলতাত নগাঁও জিলাৰ ক্ৰীড়াপ্ৰেমীৰ লগতে ক্ৰীড়া সংগঠক সমীৰ হাজৰিকায়ো শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ খবৰ পোৱা গৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments