Sunday, October 2, 2022
HomeNewsনগাঁৱৰ ৰহাৰ লাওফুলাবড়িত প্ৰথম পৰ্যায়ৰ মুকলি ক্ৰীড়া প্ৰশিক্ষণৰ সামৰণি

নগাঁৱৰ ৰহাৰ লাওফুলাবড়িত প্ৰথম পৰ্যায়ৰ মুকলি ক্ৰীড়া প্ৰশিক্ষণৰ সামৰণি

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকাৰ

নগাঁও জিলাৰ ৰহাৰ জোঙালবলহু আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম অলিম্পিক সন্থাৰ সহযোগত লাওফুলাবড়ি খেলপথাৰত যোৱা ২ এপ্ৰিলৰ পৰা চলি থকা মুকলি ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফলতাৰে অন্ত পৰে ।গ্ৰামাঞ্চলটোৰ ৪৫০ জনৰো অধিক শিশু আৰু চেমনীয়াই ভাগ লোৱা শিবিৰটোত প্ৰথম পৰ্যায়ত এথলেটিকছ, ফুটবল, ভলীবল আৰু কাবাডী খেলৰ প্ৰশিক্ষণ চলে । দীঘলআটি, চহৰী, হাটবৰ আৰু চাপৰমুখ গাঁও পঞ্চায়তৰ উদীয়মান খেলুৱৈক সামৰি লোৱা প্ৰশিক্ষণ শিবিৰটোৰ আয়োজক জোঙালবলহু আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক প্ৰনৱজ্যোতি মছৰঙে জানিবলৈ দিয়ামতে অহা ২০ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত প্ৰথম পৰ্যায়ৰ খেলৰ ইভেণ্টসমূহৰ সৈতে ৰেষ্টলিং আৰু কাৰাটে খেলৰো প্ৰশিক্ষণৰ সংযোজন ঘটিব । ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে যোৱা ২ এপ্ৰিলত উদ্বোধন কৰা প্ৰথম পৰ্যায়ৰ শিবিৰটোত জ্যেষ্ঠ শাৰীৰিক শিক্ষাৰ নিৰ্দেশক প্ৰভাত চন্দ্ৰ বৰা মুখ্য প্ৰশিক্ষকৰূপে থকাৰ বিপৰীতে গনেশ ডেকা (ফুটবল), নপুৰ নেওগ (ভলীবল), জাচিম আলম (কাবাডী), দীক্ষা দেৱী, উপেন্দ্ৰ কুমাৰ ঠাকুৰ (এথলেটিকছ) প্ৰশিক্ষক আৰু হিৰণ্য গোহাঁই, বগাধৰ ডেকাৰজা, জৰচন টেৰাং, পাৰ্থপ্ৰতিম বৰা, দিগন্ত নাথ সহযোগী প্ৰশিক্ষকৰূপে আছিল । আনহাতে প্ৰশিক্ষণ কালৰ মাজত যোৱা ৭ এপ্ৰিলত বিশিষ্ট সমাজ সংগঠক তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ উপাধ্যক্ষ বিষ্ণু দাসেও অংশগ্ৰহণকাৰীসকলৰ সৈতে ভাৱ বিনিময় কৰিছিল । প্ৰথম পৰ্যায়ৰ দেওবাৰৰ সামৰণি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ সাক্মী পানৱাৰৰ উপস্থিতিত কলিয়াবৰ আৰু জোঙালবলহু ছোৱালী হকী দলৰ মাজত খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে এখনি প্ৰদৰ্শনীমৃলক হকী খেলো হয় । এই প্ৰশিক্ষণৰ অন্তত মুখ্য প্ৰশিক্ষক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা বিশেষ অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, আয়োজক সমিতিৰ সভাপতি হিৰণ্য কুমাৰ ভট্টাচাৰ্য, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য তথা জোঙালবলহু আঞ্চলিক ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰনৱজ্যোতি মছৰং, নগাঁও জিলা খো খো সন্থাৰ সম্পাদক সমীৰ হাজৰিকা, সমাজ সংগঠক সত্যজিৎ বৰা, পৰমা নাথ আদি উপস্থিত থাকে । উল্লেখ্য যে, নৱগঠিত জোঙালবলহু আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তথা দীঘলিআটি গাঁও পঞ্চায়তৰো সভাপতি হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ লগতে সাধাৰণ সম্পাদক প্ৰনৱজ্যোতি মছৰঙৰ ঐকান্তিক প্ৰচেষ্টাত ক্ৰীড়া সন্থাটোৰ আন সদস্য-সদস্যা তথা বিষয়ববীয়াসকলৰ সহায়ত অঞ্চলটোৰ উদীয়মান খেলুৱৈসকলৰ বাবে লোৱা এই প্ৰশিক্ষণ শিবিৰে অংশগ্ৰহণকাৰীৰ উৎসাহজনক সহাৰি লাভ কৰাত স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজৰ পৰা উদ্যোক্তাসকল প্ৰশংসিত হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments