Tuesday, October 4, 2022
HomeNewsনগাবন্ধাত প্ৰাইজমানি ভলীবলত বাটমাৰী ভলীবল ক্লাব চেম্পিয়ন

নগাবন্ধাত প্ৰাইজমানি ভলীবলত বাটমাৰী ভলীবল ক্লাব চেম্পিয়ন

নগাবন্ধাত প্ৰাইজমানি ভলীবলত বাটমাৰী ভলীবল ক্লাব চেম্পিয়ন

অলিম্পিয়া স্প’ৰ্টছৰহৈ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন: মৰিগাঁও জিলাৰ নগাবন্ধা যুৱ সংঘৰ উদ্যোগত নগাবন্ধা মিনি ষ্টেডিয়ামত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি যোৱা ৩ ছেপ্টেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত নগাঁৱৰ বাটমাৰী ভলীবল ক্লাবে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে ।

নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২টা দলে ভাগ লোৱা প্ৰতিযোগিতাখনৰ দেওবাৰৰ ফাইনেলত বাটমাৰী ভলীবল ক্লাব দলটোৱে মৰিগাঁৱৰ কলমৌবাৰী ভলীবল কোচিং চেণ্টাৰক ২-১ গেমত পৰাজিত কৰে । ছেমিফাইনেলত কলমৌবাৰী ভলীবল কোচিং চেণ্টাৰে নগাবন্ধা ভলীবল ক্লাবক ২-১ গেমত আৰু বাটমাৰী ভলীবল ক্লাব দলে মায়ঙৰ খাটবৰী ভলীবল দলক ২-০ গেমত হৰুৱাই ফাইনেলত উপনীত হৈছিল ।

এই প্ৰতিযোগিতাৰ অন্তত দেওবাৰে বিয়লি ক্ৰীড়া সংগঠক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে আঁত ধৰা সামৰণি অনুষ্ঠনত কৃৰ্তী প্ৰধান শিক্ষক তথা সমাজ সংগঠক আজিম উদ্দিন, সমাজকৰ্মী ইব্ৰাহিম আলী আৰু আব্দুল গফুৰ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । দুদিনীয়া প্ৰতিযোগিতাৰ খেলসমূহ ৰেফাৰী এন.আৰ. ছিদ্দিকী, আৰজ আলী, নজৰুল ইছলাম খান, বাবুল ইছলাম, আচিক ইকবাল, মুস্তাফিজুৰ খান আৰু ইছমাইল আলী আদিয়ে পৰিচালনা কৰাত বিভিন্ন দিশত সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, বাটমাৰীৰ টানজিবুৰ ৰহমানে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কলমৌবাৰীৰ দিব্যজ্যোতি দাসে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা পায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments