Friday, September 30, 2022
HomeNewsনগৰবেৰাৰ জামলাইৰ ৰৌৱা বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

নগৰবেৰাৰ জামলাইৰ ৰৌৱা বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

নগৰবেৰাৰ জামলাইৰ ৰৌৱা বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন:

নগৰবেৰাৰ জামলাইৰ ৰৌৱা বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ।প্ৰতিযোগিতাৰ খিতাপ অৰ্জন ৰাজমাতা নাও দলৰ । হেজাৰ হেজাৰ দৰ্শকৰ সমাৱেশত ৰোমাঞ্চকৰ হৈ উঠিল নাওখেল প্ৰতিযোগিতা ।

 

আধুনিকতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজখনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰম্পৰাগত নাওখেল । হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগত নাওখেলক ধৰি ৰখাৰ প্ৰয়াসেৰে নগৰবেৰাৰ জামলাইত অনুষ্ঠিত কৰা হয় এই নাওখেল প্ৰতিযোগিতা। জামলাই বজাৰ পৰিচালনা সমিতিৰ সৌজন্যত পৰম্পৰাগত এই নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । নাওখেল প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ ৭ টা নাওখেলৰ দলে অংশগ্ৰহণ কৰে । প্ৰায় ৫,০০০ দৰ্শকে উপভোগ কৰিলে পৰম্পৰাগত নাও খেল । নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ তথা ৰাইজক ধন্যবাদ জনালে জামালাই বজাৰ পৰিচালনা সমিতিয়ে —

 

জামালাই বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত ১৯৯১ চনৰ পৰা এই পৰম্পৰাগত নাও খেল আয়োজন কৰি আহিছে । এই নাও খেলৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ মাজত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভ্ৰাতৃত্ববোধ জগাই তুলিব বুলি আশাবাদী আয়োজকসকল —

 

উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ ফাইনেল খেলখন ৰাজমাতা আৰু ৰাইজৰ বুল বুল নামৰ নাওৰ দলৰ মাজত অনুষ্ঠিত হয় । ফাইনেল খেলখনত ৰাজমাতা নাওৰ দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

ক্ৰীড়া অনুৰাগীৰ আশা — পৰম্পৰাগত নাও খেলে জনপ্ৰিয়তাৰ শিখৰ আৰোহণ কৰক । হেৰাই যাব ধৰা ক্ৰীড়াক নতুন প্ৰজন্মই আদৰি লৈ ক্ৰীড়াঙ্গনত অগ্ৰসৰ হওক । জামালাই বজাৰ পৰিচালনা সমিতিৰ এই পদক্ষেপ চিৰপ্ৰবাহমান হওক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments