Monday, July 4, 2022
HomeNewsSports Newsনটৰাজন, ছিৰাজৰ পিছত শুভমন গীলৰ প্ৰেৰণামূলক কাহিনী

নটৰাজন, ছিৰাজৰ পিছত শুভমন গীলৰ প্ৰেৰণামূলক কাহিনী

শেষ হোৱা নাই কাহিনী। এটাৰ পিছত আন এক।প্ৰেৰণামূলক কাহিনী পোহৰলৈ আহি আছে গাব্বাৰ ঐতিহাসিক বিজয়ৰ পৰৱৰ্তী সময়ছোৱাত। টি নটৰাজন, মহম্মদ ছিৰাজৰ প্ৰেৰণামূলক কাহিনীয়ে সংবাদ জগতত চৰ্চাৰ শীৰ্ষ স্থান অধিকাৰ কৰিলে। এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। এইবাৰ পোহৰলৈ আহিছে ভাৰতীয় দলটোৰ বিজয়ৰ আন‌ এগৰাকী নায়ক শুভমন গীলৰ এক প্ৰেৰণামূলক কাহিনী। অষ্ট্ৰেলিয়াৰ মাটিত অষ্ট্ৰেলিয়ান বলাৰক নিৰ্দয়ভাৱে কোবোৱাটো বিশ্ব ক্ৰিকেটৰ কোনো ক্ৰিকেটাৰৰ বাবে বৰ সহজ কথা নহয়। যদি ক্ৰিকেটাৰজন নৱাগত হয়, অভিজ্ঞতা শূন্য হয় তেনে সেয়া প্ৰায় অসম্ভৱেই হয়। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে ভাৰতৰ টেষ্ট দলৰ নৱতম চাঞ্চল্য শুভমন গীলে।

মিছেল ষ্ট্ৰাকৰ দৰে বিধ্বংসী অষ্ট্ৰেলিয়ান বলাৰক ঘৰৰ মাটিতে বশ কৰিলে শুভমনে। এটা অভাৰত কোবালে ২০ ৰান। টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত ষ্ট্ৰাকে ইয়াৰ পূৰ্বে এটা অভাৰত ২০ ৰান খৰচ কৰাৰ নজিৰ নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰা।শুভমন গীলে চাৰিখন টেষ্টত দুটা অৰ্ধশতকসহ মুঠ ২৫৯ ৰান সংগ্ৰহ কৰিলে। ব্ৰীছবেন টেষ্টৰ দ্বিতীয় ইনিংছত শুভমনে ৯১ ৰান কৰি থকা অৱস্থাত আউট হৈ শতকৰ পৰা বঞ্চিত হ’ল যদিও ভাৰতক জয়ৰ দিশত বহুদূৰ আগুৱাই লৈ গ’ল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনে এক সফলতা প্ৰাপ্তিৰ বাবে শুভমনে নবছৰ বয়সৰ পৰাই কৰি আহিছিল কঠোৰ অনুশীলন। নবছৰ বয়সৰ পৰাই শুভমনে প্ৰতিদিনে ১৫০০ চৰ্ট বলৰ মুখামুখি হৈ অনুশীলন অব্যাহত ৰাখিছিল। বেগী বলাৰৰ মুখামুখি হ’বলৈ নিজ পিতৃয়ে শুভমনক দিছিল কঠোৰ প্ৰশিক্ষণ। শুভমনৰ হাতত এডাল ষ্টাম্প দি বলটো এখন দেৱাললৈ দলিয়াই দিছিল আৰু দেৱালত লাগি বলটো শুভমনৰ দিশলৈ আহিলে ষ্টাম্প দালেৰে প্ৰহাৰ কৰিছিল। ইয়াৰ ফলত শুভমনে বলটোক বেটৰ সম্পূৰ্ণ মাজৰ অংশৰে হিট কৰিবলৈ পাৰ্গত হৈ পৰিছিল। ইয়াৰ উপৰিও শুভমনে বেকফুটত কোনো অসুবিধা নোহোৱাকৈ খেলিবলৈ সক্ষম হৈ উঠিবলৈ মেটৰ দ্বাৰা নিৰ্মিত পীটছৰ ওপৰত অনুশীলন কৰিছিল।

এনেদৰে মাত্ৰ নবছৰ বয়সৰ পৰাই কঠোৰ অনুশীলন কৰি আহি শুভমন গীলে আজিৰ এই পৰ্যায় লাভ কৰিছে। এয়াও জানোঁ এক প্ৰেৰণাৰ কাহিনী নহয়??

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments